পূৱ বিলাসীপাৰা,১৭ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাজনীতি বাতাবৰণ । মনোনয়ন পত্ৰ দাখিলৰ পাচতে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ নামি পৰিছে বিজেপি বিধায়ক অশোক কুমাৰ সিংঘী ।
চাপৰৰ ৰঙামাটিত সংখ্যালঘু অধ্যুষিত অঞ্চললৈ গৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সমষ্টি দখলৰ আশা প্ৰকাশ কৰে বিজেপি বিধায়ক অশোক কুমাৰ সিংঘীয়ে । বিগত বছৰত বিলাসীপাৰা পূৱ সমষ্টিত হোৱা উন্নয়নৰ স্বাৰ্থত সমষ্টিবাসী বিজেপিৰ পক্ষত থাকিব বুলি কয় অশোক কুমাৰ সিংঘীয়ে ৷
লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি