ETV Bharat / state

বিলাসীপাৰাত ইৰি ধানৰ খেতিত ওলাল পতান

author img

By

Published : Jun 5, 2021, 7:11 AM IST

অতি কষ্টৰে ঋণ লৈ কৰা ইৰি ধানৰ খেতিত পতান ওলোৱাত কৃষকসকলে পৰিয়াল পোহপাল দিয়াৰ লগতে ঋণৰ বোজা পৰিশোধ কৰাৰ বাবে চিন্তা কৰিবলগীয়া হৈছে ।

Bilasipara farmers tragedy
বিলাসীপাৰাত ইৰি ধান খেতিত ওলাল পতান

পশ্চিম বিলাসীপাৰা,5 জুন: ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত অব্যাহত থকা মিনি লক ডাউন(lock down) আৰু সান্ধ্য আইন(Night curfew) ৰ ফলত কৃষকসকল হাট-বজাৰৰ পৰা বঞ্চিত হৈ আৰ্থিকভাৱে জুৰুলা হোৱাৰ সময়তে পুনৰ আন এক সমস্যাৰ সন্মুখীন হৈছে বিলাসীপাৰা(Bilasipara) ৰ কৃষকসকল । বিলাসীপাৰাৰ অন্তৰ্গত বৃহত্তৰ চৰ অঞ্চল নায়েৰ আলগাৰ দ্বিতীয় খণ্ড, তৃতীয় খণ্ড আৰু গুটিপাৰা গাঁৱৰ শ শ কৃষকৰ ইৰি ধানৰ পথাৰত ধানৰ সলনি পতান ওলোৱাত কৃষকসকলে মূৰে-কপালে হাত‌ দিবলগীয়া হৈছে ।

বিলাসীপাৰাত ইৰি ধানৰ খেতিত ওলাল পতান

দুখীয়া কৃষকসকলে মাটি ভাড়াত লৈ মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা ধানৰ খেতিত পতান ওলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কৃষকসকলে পৰিয়াল পোহপাল দিয়াৰ লগতে ঋণৰ বোজা পৰিশোধ কৰাৰ বাবে চিন্তা কৰিবলগীয়া হৈছে । ক্ষতিগ্ৰস্ত কৃষকসকলে অসহায় হৈ চৰকাৰক এককালীন সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.