ETV Bharat / state

পূৱ বিলাসীপাৰাৰ শালকোছাত চুৰিকাণ্ড

author img

By

Published : Nov 29, 2020, 6:37 PM IST

আৰক্ষীৰ সুৰক্ষা ব্যৱস্থালৈ বুঢ়া আঙুলি দেখুৱাই চাপৰৰ শালকোছাত চোৰে চলালে লুট-পাত । শালকোছা আৰক্ষী চকীৰ পৰা ৫০০ দূৰত থকা খামাৰপাৰাত সংঘটিত হ'ল চুৰিকাণ্ড । গুটখা-চিগাৰেট সেৱন কৰি নিৰ্ভয়ে চোৰে লুটি নিলে বাইক, সোণ-ৰূপৰ অলংকাৰৰ লগতে নগদ ধন ।

শালকোছাত চোৰে লুটি নিলে ৩ লাখ টকাৰ বহু মূল্যৱান সামগ্ৰী

পূৱ বিলাসীপাৰা, ২৯ নৱেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰত আৰক্ষীৰ নিৰাপত্তাৰ প্ৰতি আস্থা হেৰুৱাইছে স্থানীয় ৰাইজে । আৰক্ষী চকীৰ সমীপতে চুৰিকাণ্ড সংঘটিত হ'লেও উমানেই নাপায় আৰক্ষীয়ে । শনিবাৰে নিশা শালকোছা আৰক্ষী চকীৰ পৰা ৫০০ দূৰত্বত অৱস্থিত খামাৰপাৰাত চুৰিকাণ্ড সংঘটিত হয় । খামাৰপাৰাৰ ফুলকুমাৰ নাথ নামৰ এজন লোকৰ ঘৰৰ পৰা চোৰে লুটি নিলে ৩ লাখ টকাৰ বহু মূল্যৱান সামগ্ৰী ।

ঘৰত কোনো নথকাৰ সুযোগতে লুট-পাত চলায় চোৰে । ফুলকুমাৰ নাথৰ ঘৰৰ পৰা চোৰে AS-17-F-5179 নম্বৰৰ এখন বাইক, সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে নগদ ধনো লুটি নিয়ে । কেৱল চুৰি কৰাই নহয়, ঘৰৰ ভিতৰতে গুটখা আৰু চিগাৰেট সেৱন কৰে চোৰে । তাৰ পিছত নিৰ্ভয়ে লুটি নিয়ে মূল্যৱান সামগ্ৰীসমূহ । ইমানৰো পিছতো ৫০০ দূৰত থকা আৰক্ষীয়ে একো গম নাপালে ।

দেওবাৰে পুৱা ফুলকুমাৰ নাথৰ ঘৰৰ দৰ্জা-খিৰিকী ভঙা অৱস্থাত দেখি চুবুৰীয়াই শালকোছা আৰক্ষীক খবৰ দিয়ে । বৰ্তমান চুৰিকাণ্ড সন্দৰ্ভত শালকোছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.