ETV Bharat / state

কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগঃআৰক্ষীয়ে জব্দ কৰিলে শিলৰ মহল

author img

By

Published : Aug 7, 2020, 10:17 AM IST

সপটগ্ৰামত বন বিভাগৰ সমুখতে চলি আহিছিল অবৈধ শিলৰ মহল ৷ বৃহস্পতিবাৰে বিলাসীপাৰী মহকুমা আৰক্ষীয়ে শিলৰ মহলটো জব্দ কৰি গতাই দিয়ে সপটগ্ৰাম আৰক্ষীক ৷ তদন্তৰ পাছত বহু ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা ৷

bilashipara police seized illegal stone mohal
শিলৰ মহল জব্দ কৰি বন বিভাগক গতাই দিলে আৰক্ষীয়ে

পশ্চিম বিলাসীপাৰা , 7 আগষ্টঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত প্ৰশাসনৰ চকুৰ সমুখতে অসাধু চক্ৰই চলাই আহিছিল অবৈধ শিলৰ মহল ৷ ভু-গৰ্ভৰ পৰা ছেল' মেচিন লগাই শিল উত্তোলন কৰি এটা অসাধু চক্ৰই ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল যদিও ইমান দিনলৈকে নীৰৱ ভূমিকা পালন কৰি আহিছিল সপটগ্ৰাম বন বিভাগে ৷ দীৰ্ঘদিনে অবৈধভাৱে ব্যৱসায় চলাই অহাৰ পাছত বৃহস্পতিবাৰে এক অভিযান চলাই অবৈধ শিলৰ মহলটো জব্দ কৰিলে বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ৷

অবৈধ শিলৰ মহল জব্দ কৰি বন বিভাগক গতাই দিলে আৰক্ষীয়ে

উল্লেখ্য যে, লাখ লাখ টকা চৰকাৰী ৰাজহ ফাঁকি দি চলাই থকা মহলটোৰ কোনো বৈধ নথি-পত্ৰ নাই বুলি সদৰী কৰিছে সপটগ্ৰাম বন বিভাগৰ বিষয়া নৃপেন চন্দ্ৰ নাথে ৷ এক অভিযোগৰ ভিত্তিত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস, অ'চি মনোজ নাৰ্জাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে শিলৰ মহলটো জব্দ কৰে যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই যাবলৈ সক্ষম হয় মহলৰ কৰ্মচাৰী সকল | আৰক্ষীৰ দলটোৱে মহলটোৰ পৰা এটা শিল উত্তোলন কৰা যন্ত্ৰ, বৃহৎ পৰিমাণৰ পি ভি চি পাইপ,বিভিন্ন সামগ্ৰীৰ লগতে AS17 C - 4194 নম্বৰৰ এখন বলেৰ' পিকআপ বাহন জব্দ কৰে | পৰৱৰ্তী পৰ্যায়ত জব্দকৃত যন্ত্ৰ আৰু বাহন খন সপটগ্ৰাম আৰক্ষীক গতাই দিয়ে বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ৷ বন বিভাগৰ কৰ্মচাৰী সকল কৰ্মৰত অৱস্থাত থকাৰ সময়তে কিদৰে অঞ্চলটোত এই অবৈধ শিলৰ মহলটো চলি আছিল সেয়া ৰহস্যাৰ আৱৰ্তত যদিও সমুদায় ঘটনাৰ তদন্ত হ’লে এই ব্যৱসায়ৰ সৈতে জড়িত থকা বহু ৰৌ বৰালিৰ মুখ পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে সপটগ্ৰামবাসীয়ে ৷

লগতে পঢ়কঃধুবুৰীত কোভিড-১৯ত মৃতকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.