বিলাসীপাৰা,7 এপ্ৰিল: বিলাসীপাৰাত সংঘটিত হৈছে এক ভংয়কৰ অগ্নিকাণ্ড ৷ বিলাসীপাৰাৰ কাজাইকাটা ষষ্ঠম খণ্ড গাঁৱত মঙলবাৰে বিয়লি সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো । অগ্নিকাণ্ডৰ ফলত দুটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে বহু প্ৰয়োজনীয় নথিপত্ৰ আৰু অন্যান্য সা-সামগ্ৰী জুইত ভস্মীভূত হয় ৷
ভয়ংকৰ অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত হয় আহমেদ তালুকদাৰ, ৰূপচান আলী, গিয়াছ আলী, মহৰ আলী, নওচান আলীকে ধৰি মুঠ ৬ জন ব্যক্তি ৷ উল্লেখযোগ্য যে, আহত ব্যক্তি কেইজনক বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ উক্ত অগ্নিকাণ্ডৰ ঘটনাক লৈ কাজাইকাটা অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
লগতে পঢ়ক : যোৰহাটত ভয়াবহ ৰূপত কৰ’ণা ভাইৰাছ