ETV Bharat / state

AAFWEA Bi annual session: সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ সামৰণি - ১৬ তম দ্বি বাৰ্ষিক অধিৱেশন

ধুবুৰীত সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ১৬ তম দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে (All Assam Family Welfare Employees Association) ৷ দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ১৬ তম দ্বি-বাৰ্ষিক অধিৱেশনখন ৷

Bi annual session of AAFWEA concludes in Dhubri
ধুবুৰীত সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশন
author img

By

Published : Dec 25, 2022, 9:45 PM IST

ধুবুৰীত সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশন

ধুবুৰী, 25 ডিচেম্বৰ: ধুবুৰীত অনুষ্ঠিত হৈ যায় সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ১৬ তম দ্বি বাৰ্ষিক অধিৱেশন (All Assam Family Welfare Employees Association) ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৪ আৰু ২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হৈছিল সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ১৬ তম দ্বি-বাৰ্ষিক অধিৱেশনখন ।

ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক ১৬ তম দ্বি-বাৰ্ষিক অভিৱৰ্তনত অসমৰ ভিন্ন প্ৰান্তৰ পৰা সদস্যসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অভিৱৰ্তনৰ দুদিনীয়া কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰৰ পুৱা ৮ বজাত প্ৰতিনিধি আদৰণি আৰু শিৱিৰ মুকলি কৰে ধুবুৰীৰ অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য (পৰিয়াল কল্যাণ) বিষয়া ডাঃ জগদিন্দু বিকাশ ৰায়ে ।

পুৱা দহ বজাত অনুষ্ঠানৰ আৰম্ভণি হয় । পুৱা ১০.৩০ বজাত সন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অনন্ত গগৈয়ে । উক্ত দিনাই কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পন, বৃক্ষ ৰোপণ ও স্বচ্ছ অভিযান, সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠক, প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয় । সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলনৰ পিছতে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

একেদৰে কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা পুৱা আঠ বজাত নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠক আৰু কাৰ্যভাৰ গ্ৰহণৰ পিছতে প্ৰতিনিধি সভা অনুষ্ঠিত হয় । পুৱা দহ বজাত চহৰখনত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা । দিনৰ এঘাৰ বজাত মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে স্মৃত গ্ৰন্থ উন্মোচন কৰা হয় । স্মৃতিগ্ৰন্থ উন্মোচন কৰে ধুবুৰী জিলা প্ৰতিষেধক বিষয়া জয়দেব ভট্টাচাৰ্যই ।

আজিৰ সভাত সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা হয় আৰু সন্থাই অগ্ৰণী ভুমিকা গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ কাম কৰি যাব বুলি তেওঁলোক প্ৰতিজ্ঞাবদ্ধ হয় । কৰ্মচাৰী সন্থাই তেওঁলোকৰ বিভিন্ন দাবীসমূহ চৰকাৰক দৃষ্টিগোচৰ কৰাই সেইসমূহ সমাধান কৰাৰ বাবে হেচা প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয় বুলিও জানিবলৈ দিয়ে (Bi annual session of AAFWEA concludes)।

এই দুদিনীয়া অভিৱৰ্তনত অহা দুটা বছৰৰ বাবে সন্থাৰ কেন্দ্ৰীয় সভাপতি হিচাবে আনন্দ গগৈ আৰু সাধাৰণ সম্পাদক হিচাবে মনোজ জ্যোতি দত্তক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰা হয় বুলি উল্লেখ কৰে সদৌ অসম পৰিয়াল কল্যাণ কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক: Atal Bihari Vajpayee birth anniversary: ৰঙিয়াত বিজেপিৰ সুশাসন দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.