ETV Bharat / state

Ajmal controversial remark; নিৰ্বাচনৰ পূৰ্বে খাল্লাচ ভূপেন বৰা; ধুবুৰীত আজমলৰ হুংকাৰ - আগন্তুক লোকসভা নিৰ্বাচন

‘‘ভূপেন বৰাই পলিটিক্সৰ এ বি চি ডি একোৱেই নাজানে ৷ ভূপেন বৰাসহ কংগ্ৰেছৰ নেতাসকলে বিজেপিৰ পৰা কংগ্ৰেছে ধন লোৱাৰ সকলো তথ্য লোকসভা নিৰ্বাচনৰ ১৮ দিন পূৰ্বে তথ্য সহকাৰে ফাদিল কৰা হ’ব ৷’’ সংবাদ মাধ্যমৰ জৰিয়তে ভূপেন বৰাক কটাক্ষ কৰি এই মন্তব্য কৰে AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে (Ajmal controversial remark) ৷

Ajmal controversial remark
ভূপেন বৰাৰ পলিটিক্সৰ চেঞ্চ নাই : আজমল
author img

By

Published : Feb 23, 2023, 10:55 PM IST

ভূপেন বৰাৰ পলিটিক্সৰ চেঞ্চ নাই : আজমল

ধুবুৰী, 23 ফেব্ৰুৱাৰী : ‘‘ভূপেন বৰাৰ পলিটিক্সৰ চেঞ্চ নাই ৷ ভূপেন বৰাই নাজানে পলিটিক্সৰ এবিচিডি ৷ নিৰ্বাচনৰ পূৰ্বে খাল্লাচ ভূপেন বৰা । ভূপেন বৰা বিজেপিৰ বি টিম । মই ভূপেন বৰাৰ বাবে দোৱা কৰিম ৷ আল্লাই ভূপেনক পলিটিকেল বুদ্ধি দিয়ক ৷’’ বৃহস্পতিবাৰে ধুবুৰীত সাংবাদিকৰ আগত এই মন্তব্য কৰে AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে (Ajmal controversial remark) ৷

উল্লেখ্য যে, বিগত কেবাদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক বাকযুদ্ধই বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত । তেনে সময়তে ভূপেন বৰাসহ কংগ্ৰেছৰ নেতাসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱা বুলি আজমলে বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছে ।

আনকি ধুবুৰীৰ বিলাসীপাৰাত উপস্থিত হৈ ভূপেন বৰাই বিজেপিৰ পৰা টকা লোৱাৰ উপৰিও বিজেপিৰ বি টিম বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল আজমলে (Badruddin Ajmal reacted on Bhupen Bora comments in Dhubri) ৷ ইয়াৰ পিচত বিজেপিৰ পৰা এশ পইচা বা এশ টকা লৈছো যদি আজমলে প্ৰমাণ দিয়ক আৰু প্ৰমাণ দিব পাৰিলে ৰাজনৈতিক সন্যাস ল’ম বুলি ভূপেন বৰাই আজমলক প্ৰত্যাহ্বান জনাইছিল ।

ভূপেন বৰাৰ এই মন্তব্যৰ পিচতেই বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উভতি ধৰি তীব্ৰ সমালোচনা কৰে ৷ লগতে আজমলে ভূপেন বৰাক কটাক্ষ কৰি কয়, ‘‘ভূপেন বৰা পাগল হৈছে ৷ তেওঁক ব্ৰেলিলৈ পঠিয়াই দিয়ক’’ (Badruddin Ajmal on Bhupen Bora) ।

আনহাতে, বিজেপিৰ পৰা ধন লোৱা সন্দৰ্ভত প্ৰমাণ বিচাৰি ভূপেন বৰাই আজমলক প্ৰত্যাহ্বান জনোৱাৰ প্ৰত্যুত্তৰত আজমলে কয়, ‘‘লোকসভা নিৰ্বাচনৰ 18 দিন পূৰ্বে তথ্য সহকাৰে সকলো ফাদিল কৰিম । এতিয়া একো নকওঁ’’ বুলিও আজমলে কয় ।

লগতে পঢ়ক : Bhupen Bora slams Ajmal : মিত্ৰতাৰ স্বপ্ন কেতিয়াও দিঠকত পৰিণত নহয়; আজমলক প্ৰত্যাহবান ভূপেন বৰাৰ

ইফালে বিগত লোকসভাৰ অধিৱেশত কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে দিয়া ভাষণক উচ্চ প্ৰশংসা কৰি আজমলে কয়, ‘‘ৰাহুল গান্ধীক মাজে সময়ে লগ পাওঁ ৷ কথা পাতো । কিন্তু অসমৰ কংগ্ৰেছত ভাল মানুহ নাই ৷ প্ৰদেশ কংগ্ৰেছতো ভাল মানুহ নাই’’ ।

আনফালে, বিজেপিক পৰাজিত কৰিবলৈ এ আই ইউ ডি এফৰ বাহিৰে আন সকলো বিৰোধী আৰু আঞ্চলিক দল একত্ৰিত হ’ব লাগিব বুলি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজমলে (Badruddin Ajmal on Akhil Gogoi) ৷

তেওঁ কয়, ‘‘অখিল গগৈ ফালটু মানুহ । তেওঁতো আমাক গালি পাৰিব । কিন্তু বিজেপিক বিদায় দিবলৈ হ’লে সকলো বিৰোধী একলগ হ’ব লাগিব’’ ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক পৰাস্ত কৰিবলৈ বিজেপি আৰু কংগ্ৰেছে ধুবুৰী সমষ্টিত শক্তিশালী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কয়, ‘‘গণতন্ত্ৰ দেশ সকলোৱে নিৰ্বাচন খেলিব পাৰে । কিন্তু মই আজিও কওঁ যে ধুবুৰীত ভূপেন বৰা নিৰ্বাচন খেলিলে তেওঁৰ আধা টকা মই দিম’’ ।

ইয়াৰ বাহিৰেও ৰাজ্যত পুনৰ আৰম্ভ হোৱা এনকাউণ্টাৰ সন্দৰ্ভত আজমলে কয়, ‘‘একাউণ্টৰ বেয়া বস্তু । আচামীক ধৰি সংবিধান মতে শাস্তি দিব লাগে । লগতে চৰকাৰ যেতিয়া ফেইলৰ হয় তেতিয়াই এনকাউণ্টাৰ হয়’’ ৷

লগতে পঢ়ক : Ajmal controversial remark: বিজেপিৰ কোন কোন মুখ্যমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু বুলিলে আজমলে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.