ধুবুৰী,৩ ফেব্ৰুৱাৰী : ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা প্ৰায় অৰ্ধ শতাধিক শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে (Water level of brahmaputra river went down)। প্ৰচণ্ড শীতৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত বিগত প্ৰায় ১২ দিনে আবদ্ধ হৈ থকা বাংলাদেশৰ প্ৰায় দুই শতাধিক জাহাজ চালক আৰু কৰ্মচাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইবাটাও বছৰ ধৰি ধুবুৰী জাহাজঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি কৰা হৈছে ।
ধুবুৰীৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ কুইণ্টল শিল নদী পথেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে । বিপৰীতে ভাৰত আৰু অসম চৰকাৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু বিগত প্ৰায় ১৫ দিনে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে শিলৰ ৰপ্তানি । কাৰণ অস্বাভাৱিকভাৱে হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ (Rapid decline the water level of Brahmaputra)।
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত যাত্ৰীবাহী আৰু মালবাহী জাহাজৰ লগতে যন্ত্ৰ চালিত নাৱৰ চলাচলৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ ফলত নদী পথত বন্ধ হৈ পৰিছে সকলো ধৰণৰ জাহাজৰ চলাচল । তেনে সময়তে এমাহ পূৰ্বে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজঘাটত উপস্থিত হৈছিল শিল কঢ়িওৱা প্ৰায় অৰ্ধ শতাধিক মালবাহী জাহাজ । আটাইকেইখন জাহাজত শিল ভৰ্তি কৰাৰ পাছত বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে যদিও জলস্তৰ হ্ৰাস হোৱাৰ ফলত ধুবুৰীৰ নদী পথৰ ভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে আবদ্ধ হৈ পৰিছে বাংলাদেশৰ মালবাহী জাহাজসমূহ (Bangladeshi ship stuck in Dhubri)।
ইফালে জাহাজসমূহৰ লগতে আবদ্ধ হৈ আছে চালকসহ প্ৰায় দুই শতাধিক বাংলাদেশী কৰ্মচাৰী । বৰ্তমানে প্ৰচণ্ড শীতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা বাংলাদেশৰ দুই শতাধিক চালক-কৰ্মচাৰীসকলৰ মাজত চৰম খাদ্য সংকটে দেখা দিছে বুলিও একাংশই উল্লেখ কৰে । লগতে প্ৰচণ্ড শীতত জীৱন অতিবাহিত কৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বাংলাদেশৰ কৰ্মচাৰীসকলে ।
বাংলাদেশ চৰকাৰে বাংলাদেশৰ যমুনা নদীত খনন চলাইছে যদিও ভাৰত আৰু অসম চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত খনন চলোৱা নাই বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰ খনন কৰা নহ'লে ভাৰত-বাংলাদেশৰ নদী পথৰ বাণিজ্যৰ ক্ষেত্ৰত এক জ্বলন্ত সমস্যাৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰে বাংলাদেশৰ নাগৰিক তথা জাহাজৰ চালক কৰ্মচাৰীসকলে । উল্লেখ্য যে, চীন আৰু অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰি নদী বান্ধৰ পাছতেই অতি অস্বাভাৱিকভাৱে শুকাবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী । ব্ৰহ্মপুত্ৰৰ বুকু মৰুভূমিত পৰিণত হোৱা ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা বিভিন্ন সময়ত চৰকাৰে উল্লেখ কৰি আহিছে যদিও আজিলৈ ব্ৰহ্মপুত্ৰ খনন চলোৱা পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক :মৃত ম’হক লৈ বিপাঙত অভয়াৰণ্যৰ কৰ্তৃপক্ষ : ঘৰচীয়া নে বনৰীয়া আছিল ম’হটো ?