ETV Bharat / state

কাৰাগাৰতে মৃত্যু বাংলাদেশী কাৰাবন্দীৰ

ধুবুৰীৰ জিলা কাৰাগাৰত মৃত্যুক সাৱটি লৈছে এগৰাকী বাংলাদেশৰ কাৰাবন্দীয়ে ৷ কাৰাবন্দী গৰাকীৰ মৃত্যুত চাঞ্চল্য সৃষ্টি হৈছে জিলাখনত । বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ বকুল মিঞা নামৰ ৫৫ বছৰীয়া লোকজন বিগত ৬ মে’ৰ পৰা কাৰাবন্দী হৈ আছিল ধুবুৰীৰ জিলা কাৰাগাৰত ৷

author img

By

Published : Jul 2, 2020, 8:39 PM IST

Bangaladeshi criminal dead at dhubri assam etv bharat news
বাংলাদেশী কাৰাবন্দীৰ মৃত্যু

ধুবুৰী,2 জুলাই: ধুবুৰীৰ জিলা কাৰাগাৰত সংঘটিত হৈছে এক অঘটন ৷ কাৰাগাৰত বিগত 6 মে’ৰ পৰা বন্দী হৈ আছিল এগৰাকী বাংলাদেশৰ লোক ৷ ন্যায়িক বিচৰাধীন অৱস্থাত কাৰাবন্দী গৰাকীয়ে বৃহস্পতিবাৰে চাঞ্চল্যকৰ মৃত্যুক সাৱটি লয় ৷ উল্লেখ্য় যে, স্বাস্থ্যজনিত কাৰণত বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ বকুল মিঞা নামৰ ৫৫ বছৰীয়া কাৰাবন্দী গৰাকীয়ে ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই কাৰাবন্দী গৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্য়ু ঘটা বুলি প্ৰকাশ কৰিছে ৷

বাংলাদেশী কাৰাবন্দীৰ মৃত্যু

উল্লেখ্য যে, চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ আন্তঃৰাজ্যিক তালাচী চকীৰ নিয়মিত তালাচীৰ সময়ত বিগত ৩ মে’ত যোৰহাটৰ পৰা দুখনকৈ ট্ৰেভেলাৰ বাহনেৰে অহা বাংলাদেশী নাগৰিকৰ এটি দলক কৰায়ত্ত কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তত বৈধ পাছপ’ৰ্ট আৰু টুৰিষ্ট ভিছাৰে অসমত প্ৰৱেশ কৰা দলটোৱে যোৰহাট, শিৱসাগৰ আদি জিলাত মাছ মাৰিবলৈ অহা বুলি প্ৰকাশ পাইছিল ৷ উক্ত দলটোৰে সদস্য আছিল ইতিমধ্যে মৃত্যুক সাৱটি লোৱা কাৰাবন্দী গৰাকী ৷ দলটোৰ সন্দৰ্ভত চাপৰ থানাত ফৰেইনাৰ এক্টৰ আধাৰত ৰুজু হোৱা এক গোচৰমৰ্মে জিলা কাৰাগাৰত বিচাৰাধীন অৱস্থাত আছিল ২৬জনীয়া বাংলাদেশী নাগৰিকৰ দলটো ৷ সম্প্ৰতি মৃতদেহটো বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংৰক্ষণ কৰি পৰৱৰ্তী সময়ত বাংলাদেশলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰে । দলটোৰ অন্য সদস্যসকল বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে ৷

লগতে চাওকঃ ৰাজপথত জ্বলিল নতুন ভূমি নীতিৰ অধিসূচনাৰ প্ৰতিলিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.