ETV Bharat / state

প্ৰকৃতাৰ্থত ৰাইজৰ কথা চিন্তা কৰা পঞ্চায়ত সভাপতিগৰাকী !! - পঞ্চায়তৰ সভাপতি

বিলাসীপাৰাৰ হাকামা গাঁও পঞ্চায়তৰ সভাপতি চুলতান আলী আহমেদে মুকলি কৰিলে এখন বাঁহেৰে নিৰ্মিত দলং । নিজৰ গাঁঠিৰ ধন ভাঙি সভাপতি গৰাকীয়ে ৰাইজৰ সহযোগত নিৰ্মাণ কৰি দিয়ে বাঁহৰ দলঙখন ৷

ৰাইজৰ বাবে দলং সাজি দিলে পঞ্চায়ত সভাপতি চুলতান আলী আহমেদে
author img

By

Published : Oct 26, 2019, 1:36 PM IST

বিলাসীপাৰা, ২৬ অক্টোবৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামা গাঁও পঞ্চায়তৰ সভাপতি চুলতান আলী আহমেদ মুকলি কৰিলে এখন বাঁহেৰে নিৰ্মিত দলং । নিজৰ গাঁঠিৰ ধন ভাঙি সভাপতি গৰাকীয়ে ৰাইজৰ সহযোগত নিৰ্মাণ কৰি দিয়ে দলঙখন ৷

গৌৰাং নগৰৰ পৰা বিলাসীপাৰা সংযোগী পথটোত থকা দলং খন যোৱাটো বিধ্বংসী বানত উটি গৈছিল ৷ ফলত নৈখন পাৰ হোৱাৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিৰ লগা হৈছে বহু কেইখন গাঁৱৰ ৰাইজে ৷ দীৰ্ঘদিন ধৰি স্থানীয় বিধায়ক অশোক কুমাৰ সিংহাক দলং এখন নিৰ্মাণৰ বাবে অনুৰোধ কৰিছিল যদিও বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । অৱশেষত হাকামা গাঁও পঞ্চায়তৰ সভাপতি চুলতান আলী আহমেদে নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সহযোগত সুঁতিটোৰ ওপৰত নিৰ্মাণ কৰি দিয়ে এখন বাঁহৰ দলং ৷ ৰাইজৰ অনুৰোধ মৰ্মে পঞ্চায়ত সভাপতি চুলতান আলীয়ে বাঁহৰ দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে | সভাপতি গৰাকীৰ এনে কৰ্মৰ বাবে শলাগ লৈছে স্থানীয় ৰাইজৰ লগতে কণ-কণ ছাত্ৰ ছাত্ৰীয়ে |

Intro:A .I - বিলাসীপাৰাৰ হাকামা গাঁও পঞ্চায়তৰ অধীনস্থ নেদেৰ আলগা গাঁৱৰ মাজেৰে যোৱা গৌৰাং নৈৰ সুঁতি এটা পাৰা পাৰ হোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিব লগীয়া হৈছে বহু কেইখন গাঁৱৰ ৰাইজে | ইয়াৰ পিছতো সুঁতিটোৰ ওপৰত এখন দলং তো দুৰৈৰ কথা বাঁহৰ সাকোঁ নিৰ্মাণ কৰি দিয়াৰ সদিচ্ছা প্ৰকাশ কৰা নাই স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী | বিষয়টি সন্দৰ্ভত খবৰ লোৱাৰো আহৰি নাই মহকুমা প্ৰশাসনে | ৰাইজৰ আবেদনৰ প্ৰতি সহাৰি জনাই অঞ্চলবাসীৰ কাষত থিয় দিলে হাকামা গাঁও পঞ্চায়তৰ সভাপতি চুলতান আলী আহমেদে | কোনো চৰকাৰী আঁচনিৰ ধনেৰে নহয় নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সহযোগত সুঁতিটোৰ ওপৰত নিৰ্মাণ কৰি দিয়ে এখন বাঁহৰ দলং | গৌৰাং নগৰৰ পৰা বিলাসীপাৰা সংযোগী পথটোত থকা এই সুঁতিটোৰ ওপৰত থকা দলং খন যোৱাটো বিধ্বংসী বানপানীত উটি গৈছিল |Body:তেতিয়াৰে পৰা পথটোৰে যাতায়তৰ নামত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ভুগি আহিছে দুৰ্ভোগ | বহু আবেদন নিবেদন কৰি থকাৰ পিছতো কোনো সুফল পোৱা নাছিল অঞ্চলবাসী | নিতৌ শ শ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবালীৰ একমাত্ৰ গ্ৰাম্য পথটোৰ দলং খন অৱশেষত পঞ্চায়ত সভাপতি গৰাকীয়ে নিজৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে | বৃহস্পতিবাৰে ৰাইজৰ অনুৰোধ মৰ্মে পঞ্চায়ত সভাপতি চুলতান আলীয়ে বাঁহৰ দলং ফিতা কাটি ৰাইজৰ বাবে মুকলি কৰি দিয়ে | সভাপতি গৰাকীৰ এনে কৰ্মৰাজিৰ শলাগ লৈছে স্থানীয় ৰাইজৰ লগতে কন কন ছাত্ৰ ছাত্ৰীয়ে | লগতে অচিৰেই ইয়াৰ এটা স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী তুলিছে স্থানীয় বিভিন্ন মহলে |Conclusion:Byte 1+2 স্থানীয় নাগৰিক
3+4 চুলতান আলী আহমেদ, পঞ্চায়ত সভাপতি |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.