ETV Bharat / state

ধুবুৰীত বদৰুদ্দিন আজমলৰ হেট্ৰিক - এ আই ইউ ডি এফ

তৃতীয় বাৰৰ বাবে দিল্লীলৈ আজমলৰ খোজ। নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ হেট্ৰিক মাৰিলে বদৰুদ্দিন আজমলে। ২২,৬২৫৮ টা ভোটৰ ব্যৱধানত আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় ।

তৃতীয় বাৰৰ বাবে দিল্লীলৈ আজমলৰ খোজ
author img

By

Published : May 24, 2019, 8:44 AM IST

ধুবুৰী,24মে': ধুবুৰীত অক্ষত আজমলৰ দুৰ্গ ৷ নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ ধুবুৰী লোকসভাৰ পৰা হেট্ৰিক মাৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। নিশা দুই মান বজাত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী লোকসভাৰ ৰিটাৰ্ণিং বিষয়া অনন্তলাল জ্ঞানীয়ে ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক আনুষ্ঠানিক ভাৱে বিজয়ী ঘোষণা কৰে। ফলাফল অনুসৰি বদৰুদ্দিন আজমলে সৰ্বমুঠ ৭,১৮৭৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰে ৪,৯২৫০৬ টা ভোট। আনহাতে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰে ৩,৯৯৭৩৩ টা ভোট। উল্লেখ্য যে ২,২৬২৫৮ টা ভোটৰ ব্যৱধানত আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়। আনহাতে ফলাফল ঘোষণাৰ পাচতেই সাংসদ বদৰুদ্দিন আজমলে ভোট গণনা কেন্দ্ৰত উপস্থিত থকা পৰ্যবেক্ষক আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে মিলিত হয় ৷

Intro: তৃতীয় বাৰৰ বাবে দিল্লীলৈ আজমলৰ খোজ। নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ হেট্ৰিক মাৰিলে বদৰুদ্দিন আজমলে। শুকুৰবাৰৰ নিশা নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা শুভ লক্ষণ। কলে আজমলে।

Body: দিল্লীৰ সংসদৰ মজিয়াত পুনৰ আজমলৰ খোজ। নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ ধুবুৰী লোকসভাৰ পৰা হেট্ৰিক মাৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। নিশা দুই মান বজাত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী লোকসভাৰ ৰিটাৰ্ণিং বিষয়া অনন্তলাল জ্ঞানীয়ে ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক আনুষ্ঠানিক ভাৱে বিজয়ী
ঘোষণা কৰে। ফলাফল অনুযায়ী বদৰুদ্দিন আজমলে সৰ্বমুঠ ৭ লাখ ১৮ হাজাৰ ৭৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰে ৪ লাখ ৯২ সজাই ৫০৬ টা ভোট। আনহাতে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰে ৩ লাখ ৯৯ হাজাৰ ৭৩৩ টা ভোট। ২ লাখ ২৬ হাজাৰ ২৫৮ টা ভোটৰ ব্যৱধানত আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় আজমলে। নিশা দুই মান বজাত ফলাফল ঘোষণাৰ পিছতেই সাংসদ বদৰুদ্দিন আজমলে ভোট গণনা কেন্দ্ৰত উপস্থিত থকা পৰ্যবেক্ষক আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে মিলিত হয় আজমলে। পিছত আজমলক বিজয়ী প্ৰমাণ পত্ৰ প্ৰদান কৰে নিৰ্বাচন আয়োগে। ইপিনে বিজয়ী প্ৰমাণ পত্ৰ হাতত পাই শুকুৰবাৰৰ নিশা তাহাজত নামজৰ সময়ত নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা শুভ লক্ষণ কলে আজমলে। আনহাতে ধুবুৰীৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব দি সচেতন নাগৰিক আৰ বুদ্ধিজীৱিক লৈ এক বৈঠক অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছে আজমলে

ইপিনে কৰিমগঞ্জৰ দলীয় প্ৰাৰ্থীৰ পৰাজয়ৰ প্ৰসংগ উপস্থাপন কৰাত ভোট গণনাক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে বুলিও উল্লেখ কৰে।।

Conclusion: তৃতীয় বাৰৰ বাবে নিৰ্বাচিত ধুবুৰীৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী সময় আজমলে কেনে ভূমিকা পালন সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.