ধুবুৰী, 14 জানুৱাৰী: মঙলবাৰে ধুবুৰীত উপস্থিত হ'ল সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । সাংসদগৰাকীয়ে আজমল ফাউণ্ডেচনৰ দুখনকৈ পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশিক্ষণপ্ৰাপ্ত যুৱতী-মহিলাক চিলাই মেচিন বিতৰণ কৰাৰ লগতে দহখনকৈ নাওঁ আৰু মাছ ধৰা জাল বিতৰণ কৰে মাছমৰীয়া হিতাধিকাৰীৰ মাজত । দৰাচলতে ইছা ফাউণ্ডেচনৰ ফালৰ পৰা আজমল ফাউণ্ডেচনৰ সহযোগত চৰকাৰী আঁচনিৰ অধীনত স্কিল ডেভেলপমেণ্টৰ দ্বাৰা ন-মহীয়া শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে ।
দশম শ্ৰেণী উত্তীৰ্ণ নোহোৱা যুৱতী-মহিলাসকলক ছমহীয়া পাঠদানৰ লগতে পৰীক্ষা সম্পন্ন কৰা আৰু তিনি মহীয়াকৈ চিলাই মেচিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ছমহীয়া শিক্ষাগ্ৰহণ কৰি দশম শ্ৰেণী উত্তীৰ্ণ হবলৈ সক্ষম হোৱাৰ লগতে প্ৰশিক্ষণত সফলতা লাভ কৰা মুঠ ৯৮ গৰাকী যুৱতী-মহিলাৰ মাজত মঙলবাৰে আজমল ফাউণ্ডেচনৰ ন্যাস সাংসদ বদৰুদ্দিন আজমল আৰু ধুবুৰীৰ বিধায়ক নজৰুল হকৰ উপস্থিতিত আজমল ফাউণ্ডেচনৰ ফালৰ পৰা এটাকৈ চিলাই মেচিন আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ।
আজমল ফাউণ্ডেচনৰ ধুবুৰী কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত চিলাই মেচিন বিতৰণ কৰি পৰৱৰ্তী সময়ত এইসকল হিতাধিকাৰীৰ মাজত সাংসদগৰাকীয়ে পাঁচ হাজাৰকৈ টকা দিয়াৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সময়ত ধুবুৰীৰ পাৰঘাটত উপস্থিত হৈ মুঠ 20 গৰাকী মাছমৰীয়া হিতাধিকাৰীৰ মাজত 10 খনকৈ নাওঁ আৰু মাছ ধৰা জাল বিতৰণ কৰে আজমল ফাউণ্ডেচনৰ ন্যাস তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। মাৰ্কাজুল মা'ৰীফ আৰু লিয়া ফাউণ্ডেচনৰ ফালৰ পৰা বিতৰণ কৰা হয় এই নাওঁ আৰু জাল ।
আৰু পঢ়ক : সাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামিছে বিপদ ঘণ্টা