ETV Bharat / state

এইবাৰ বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই

author img

By

Published : Dec 3, 2019, 5:50 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ বিলাসীপাৰা মহকুমা কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই ৷ বিধেয়কৰ বিৰুদ্ধে শেষতীয়াকৈ সংগঠনটোৱে গ্ৰহণ কৰা সবল স্থিতিৰ বাবেই বিধেয়ক খনৰ সমৰ্থনত থকা একাংশ লোকে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ ৷

Bilashipara AASU office news
বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই

03 ডিচেম্বৰ, বিলাসীপাৰাঃ চিলাপথাৰ , মৰিগাঁৱৰ পাছত এইবাৰ বিলাসীপাৰাত আছুৰ কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই ৷ ফালি চিৰাচিৰি কৰিলে অসমীয়াৰ জাতীয় সত্বা ডঃ ভূপেন হাজৰিকা , বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ আলোকচিত্ৰ ৷ লগতে ভাঙি চূৰমাৰ কৰিলে কাৰ্যালয়টোৰ ভিতৰৰ চকী মেজ সকলো ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ বিলাসীপাৰা মহকুমা কাৰ্যালয়ত ৷

সোমবাৰে নিশা সংগঠনটোৰ সদস্য সকলে কাৰ্যালয়টোৰ তলা বন্ধ কৰি ঘৰাঘৰি হোৱাৰ পাছতে কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে বুলি প্ৰকাশ কৰিছে আছু কৰ্মী সকলে ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শেষতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা সবল স্থিতিৰ বাবেই বিধেয়ক খনৰ সমৰ্থনত থকা একাংশ লোকে এনে দুষ্কাৰ্য সংঘটিত কৰিলে বুলি অভিযোগ উত্থাপন হৈছে ৷

আনহাতে ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ প্ৰশাসনিক বিষয়া আৰু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ইতমধ্যে মহকুমা ছাত্ৰ সন্থাই উক্ত ঘটনাৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে কোনো দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু কৰ্মী সকল যাৰ বাবে ক্ষোভিত ছাত্ৰ সন্থাৰ কৰ্মী সকলে কাৰ্যালয়টোৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আছু কৰ্মী সকলে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি অতি শীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা জাতীয় সংগঠনৰ ওপৰত বাৰে বাৰে সংঘটিত হৈ থকা এনে আক্ৰমণৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ ইয়াৰোপৰি কেবৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ সময়ত এনে ঘটনাক সহজভাৱে মানি ল'ব পৰা নাই আছু কৰ্মী সকলে ৷ লগতে চিলাপথাৰ কাণ্ডৰ দৰে বিলাসীপাৰাতো আছুৰ কাৰ্যালয় লণ্ড ভণ্ড কৰা ঘটনা সম্পূৰ্ণ পৰিকল্পিত বুলি সন্দেহ কৰিছে ৷ এনে পৰিস্থিতিত জাতীয় সংগঠনৰ কাৰ্যালয় ভাঙি কোনোৱে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক অন্য ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰিছে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধেও প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব বুলি হুংকাৰ দিছে সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

Intro:BIG BREAKING:BIASIPARA

বিলাসীপাৰাত সংঘটিত হয় অঘটন |
দুবৃত্তই লণ্ডভণ্ড কৰিলে আছুৰ কাৰ্যালয় |
নিশা দুবৃত্তই কাৰ্যালয়ৰ ভিতৰত থকা ডঃভুপেন হাজৰিকা, বিষ্ণু ৰাভাৰ আলোকচিত্ৰও ফালি পেলায় |
বিলাসীপাৰা মহকুমা আছুৰ কাৰ্যালয়ত সংঘটিত হয় এই অবাঞ্চিত ঘটনাৰ |
"কেব"ৰ বিৰোধীতা কৰাৰ বাবে কেব সমৰ্থকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে |
ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত |ঘটনাস্হালীত আৰক্ষীয়ে তদন্ত অব্যাহত আছে।Body:BIG BREAKING:BIASIPARA

বিলাসীপাৰাত সংঘটিত হয় অঘটন |
দুবৃত্তই লণ্ডভণ্ড কৰিলে আছুৰ কাৰ্যালয় |
নিশা দুবৃত্তই কাৰ্যালয়ৰ ভিতৰত থকা ডঃভুপেন হাজৰিকা, বিষ্ণু ৰাভাৰ আলোকচিত্ৰও ফালি পেলায় |
বিলাসীপাৰা মহকুমা আছুৰ কাৰ্যালয়ত সংঘটিত হয় এই অবাঞ্চিত ঘটনাৰ |
"কেব"ৰ বিৰোধীতা কৰাৰ বাবে কেব সমৰ্থকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে |
ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত |ঘটনাস্হালীত আৰক্ষীয়ে তদন্ত অব্যাহত আছে।Conclusion:BIG BREAKING:BIASIPARA

বিলাসীপাৰাত সংঘটিত হয় অঘটন |
দুবৃত্তই লণ্ডভণ্ড কৰিলে আছুৰ কাৰ্যালয় |
নিশা দুবৃত্তই কাৰ্যালয়ৰ ভিতৰত থকা ডঃভুপেন হাজৰিকা, বিষ্ণু ৰাভাৰ আলোকচিত্ৰও ফালি পেলায় |
বিলাসীপাৰা মহকুমা আছুৰ কাৰ্যালয়ত সংঘটিত হয় এই অবাঞ্চিত ঘটনাৰ |
"কেব"ৰ বিৰোধীতা কৰাৰ বাবে কেব সমৰ্থকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে |
ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত |ঘটনাস্হালীত আৰক্ষীয়ে তদন্ত অব্যাহত আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.