ধুবুৰী, 12 এপ্ৰিলঃ শুকুৰবাৰে ধুবুৰীত আজমলৰ হেলিকপ্টাৰ চমক৷ প্ৰথমতে চাঁওক ধুবুৰীৰ বেলগুৰীৰ আজমলৰ সভাৰ দৃশ্য৷ হেলিকপ্টাৰ অৱতৰন কৰাৰ দহ মিনিট পূৰ্বে সভাৰ একাংশ চকী উদং কাৰণ ভাষণ শুনিবলৈ আগ্ৰহ নাই ভোটাৰ জনতাৰ ৷
অৱশেষত অৱতৰন কৰিলে সাংসদ মৌলনা বদৰুদ্দিনৰ হেলিকপ্তাৰ তাৰ পিচতে ভৰি পৰিল জনতা | ভোটাৰ ৰাইজৰ আগত হিমন্ত আৰু বিৰোধী পক্ষক উপৰ্যুপৰি ককৰ্থনা কৰে আজমলে৷ উক্ত সভাত প্ৰধানমন্ত্ৰীকো বাদ নিদিলে আজমলে৷ মোডীৰ কাৰণে গোলকগঞ্জত চাহ দোকান খুলিব বুলিও মন্তব্য কৰে এআইইউডিএফৰ সভাপতিজনে৷