ETV Bharat / state

বান, গৰাখহনীয়াই গৃহহাৰা কৰা এজাক লোকৰ দুৰ্দশা - etv bharat

ধুবুৰী চহৰৰ পৰা মতিৰচৰ পঞ্চায়তলৈ যোৱাৰ পথৰ কাষত এনেদৰে বাস কৰি আহিছে বান-খহনীয়াত ঠিকনা হেৰুওৱা লোকসকলে ৷

বান, গৰা খহনীয়াই গৃহহাৰা কৰা এজাক লোকৰ দুৰ্দশা
author img

By

Published : Mar 16, 2019, 7:53 AM IST

ধুবুৰী, 16 মাৰ্চঃ পথৰ দাঁতিত লানি লানিকৈ জুপুৰী৷ মৌলিক সা-সুবিধা অবিহনে বছৰ বছৰ ধৰি এনেদৰে জীৱন যাপন কৰি আহিছে এইসকল লোকে ৷ধুবুৰী চহৰৰ পৰা মতিৰচৰ পঞ্চায়তলৈ যোৱাৰ পথৰ কাষত এনেদৰে বাস কৰি আহিছে বান-খহনীয়াত ঠিকনা হেৰুওৱা লোকসকলে ৷ বান, গৰা-খহনীয়াত আপোন মাটি-ভেটি হেৰুৱাই বিভিন্ন স্থানৰ পৰা আহি কেইবাটাও পৰিয়ালে পথৰ দাঁতিতেই জুপুৰি সাজি বসবাস কৰি আহিছে ৷ নিৰ্বাচন আহে যায়, চৰকাৰো ইখনৰ পাচত সিখন আহে, কিন্তু এই লোকসকলৰ দুৰ্বিসহ জীৱনৰহে অন্ত নপৰে ৷ কোনো এগৰাকী জন প্ৰতিনিধিয়ে অঃসহায় পৰিয়ালকেইটাৰ পুনৰ সংস্থাপনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ উজাৰিছে বান-গৰা খহনীয়াই গৃহহাৰা কৰা লোকসকলে ৷

Intro: গৃহহীন পৰিয়ালৰ কথা ভাবিব কোনে। ধুবুৰীৰ গৃহহীন পৰিয়ালক পুণৰ সংস্থাপন আৰু অৰ্থ সাহায্যৰ বিভিন্ন প্ৰতিশ্ৰুতি দি সুদীৰ্ঘ বছৰে প্ৰলোভনৰ ৰাজনীতি কৰি ভোট ভিক্ষা কৰি অহা জন প্ৰতিনিধি আজি ক'ত। আকৌ আহিব ভোট ভিক্ষা কবলৈ ৰাজনৈতিক দলৰ নেতা পালিনেতাই। আকৌ দিব বস্তাই বস্তাই প্ৰতিশ্ৰুতি। কিন্তু তেওঁলোকৰ সমস্যা সমস্যা হৈয়েই থাকে। ধুবুৰীৰ ক'ত কিদৰে আছে সেই সকল গৃহহীন পৰিয়াল।

Body: এই সকল পৰিয়ালৰ বাসগৃহৰ দুৰৱস্থাই বাটৰ প্ৰতিজন মানুহে ক্ষন্তেক সময়ৰ বাবে হলেও চিন্তা কৰিবলৈ বাধ্য হয়। কিন্তু হৃদয় নকঁপে ইয়াৰ কোনো জন প্ৰতিনিধিৰ। ধুবুৰী চহৰৰ পৰা মতিৰচৰ পাঞ্চায়তলৈ যোৱা পথৰ কাষত এইদৰে বসতি স্থাপন কৰি আছে প্ৰায় একুৰী অসহায় পৰিয়াল। নিজৰ কোনো ভূমি সম্পত্তি নথকাৰ ফলত অসহায় হৈ চৰকাৰ জনপ্ৰতিনিধিৰ ভৰসা এৰি ইয়াৰে পথৰ কাষতে জুপুৰি সাজি সুদীৰ্ঘ বছৰে কোনোমতে জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছে।
দৰাচলতে, মতিৰচৰৰ বিভিন্ন গাঁওৰ এই সকল স্থায়ী বাসিন্দা। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সর্বসান্ত হৈ গৃহহীন হৈ পৰিছে। আনকি অসহায় এই সকল পৰিয়ালে অৰ্থৰ অভাৱত মাটি ক্ৰয় কৰিব নোৱাৰি আৰু চৰকাৰ তথা সাংসদ বিধায়কৰ সহায় নোপোৱাৰ ফলত এইদৰে পথৰ দাঁতিতেই জুপুৰি সাজি মৰণ জীৱন আৰম্ভ কৰে এই সকল পৰিয়ালে। ইয়াৰে ভিতৰত কোনোবাই যদি বিশ বছৰ আন কোনোবাই দহ বা পোন্ধৰ বছৰৰ পৰা এইদৰে দুৰ্বিসহ জীৱন যাপন কৰি আহিছে। শুনক কি কয় দেশৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা এই সকল গৃহহীন ভাৰতীয় নাগৰিকে।

ইমান দিনে কেৱল প্ৰলোভন আৰু প্ৰতিশ্ৰুতিৰ ৰাজনীতি কৰি অহা ধুবুৰীৰ বিধায়ক আৰু সাংসদে এই সকল গৃহহীন পৰিয়ালৰ দুখ দুৰ্দশাৰ ছবি আজিলৈ বিধান সভা অথবা লোকসভাৰ মজিয়াত উপস্থাপন কৰা দেখা নগল। শেহতীয়াকৈ ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু বিগত দহ বছৰ সাংসদ হৈ থকা বদৰুদ্দিন আজমলেও এওঁলোকৰ কথা চিন্তা কৰিবলৈ সময় নাপালে। আকৌ লোকসভা নিৰ্বাচন সমাগত। ভোট বিচাৰি এই সকল ভোটাৰৰ ওচৰ চাপিব এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ লগতে কংগ্ৰেছ বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাই। আকৌ দিব এওঁলোকক বস্তাই বস্তাই প্ৰতিশ্ৰুতি। সাংসদ বিধায়কে ইউ লোকৰ খবৰ নললেও এজন প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰি প্ৰতিবাৰেই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সাংসদ বিধায়ক নিৰ্বাচিত কৰি আহিছে। কিন্তু আজিলৈ পোৱা নাই এওঁলোকৰ পছন্দৰ প্ৰতিনিধি। যাৰ বাবে আজি দুটা দশকে পুণৰ সংস্থাপন নাপালে এই সকল গৃহহীন পৰিয়ালে।

Conclusion: উল্লেখযোগ্য যে, কেৱল এই কেইটা পৰিয়ালেই নহয়। ধুবুৰীৰ ভিন্ন অঞ্চলত এইদৰে শ শ গৃহহীন পৰিয়াল অঘৰী জীৱন যাপন চলাই আহিছে। কিন্তু ভোটৰ ৰাজনীতি কৰি অহা কোনো এখন চৰকাৰে গৰাখহনীয়াত গৃহহীন হোৱা সকলক পুণৰ সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে সোনোৱাল চৰকাৰে ওলোটাই হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে উঠি পৰি লাগিছে। গৰাখহনীয়াত সর্বসান্ত হোৱা এই সকল পৰিয়ালে চৰকাৰৰ ফালৰ পৰা বিচাৰিছে পুনৰ সংস্থাপন। যদিও উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগান দি দিছপুৰ দখল কৰা অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিবনে। নে মৃত্যুৰ আগলৈকে এইদৰেই অঘৰী জীৱন যাপন কৰিব লাগিব এই সকল নাগৰিকে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.