বিলাসীপাৰা, 29এপ্ৰিলঃ বিলাসীপাৰাৰ কামাৰডিহি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে নিশা উদযাপন কৰা হয় বিষুৱা উৎসৱ | সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সৌজন্যত তথা বিলাসীপাৰা আৰু টিলাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰা হয় বিষুৱা |
আৰু পঢ়ক মা-মায়া-মায়াবিনী ৰাতিত মুগ্ধ দৰ্শক
দেওবাৰে সন্ধিয়াৰ পৰা নিশা 12 বজালৈ বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় বিষুৱাৰ সাংস্কৃতিক অনুষ্ঠান | মূলত: দেশী জনগোষ্ঠীয় নৃত্য গীত, তথা কালৰ বুকুৰ পৰা হেৰাই যাবলৈ লোৱা কুশান নৃত্য আদি সাংস্কৃতিক সন্ধিয়াত প্ৰদৰ্শন কৰে |