ETV Bharat / state

জোঁৱাইৰ ওপৰত শহুৰৰ পৰিয়ালৰ অমানৱীয় অত্যাচাৰ

শহুৰৰ পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হ'ল গোৱালপাৰাৰ ছফিকুল ইছলাম। ১৫ দিন পূৰ্বে ছফিকুলৰ চিকিৎসাৰ অচিলাৰে পত্নীয়ে ধুবুৰীস্থিত পিতৃগৃহলৈ লৈ যায়। ধুবুৰীৰ নিউ পাণবাৰীৰ বাসগৃহত পত্নী মাজেদা খাতুন, শহুৰ নুৰ হুছেইন আৰু খুলশালিয়ে ছফিকুলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। মুমূৰ্ষু অৱস্থাত গোৱালপাৰাৰ ঘৰৰ পিছফালে পেলাই থৈ যায় ছফিকুলক।

জোঁৱাইৰ ওপৰত শহুৰৰ পৰিয়ালৰ অমানৱীয় অত্যাচাৰ
জোঁৱাইৰ ওপৰত শহুৰৰ পৰিয়ালৰ অমানৱীয় অত্যাচাৰ
author img

By

Published : Oct 28, 2020, 1:19 PM IST

গোৱালপাৰা, ২৮ অক্টোবৰ: জোঁৱাইৰ ওপৰত বৰ্বৰতা নিষ্ঠুৰ শহুৰৰ পৰিয়ালৰ। চিকিৎসাৰ বাবে শহুৰলৈ ঘৰলৈ গৈ অমানৱীয় অত্যাচাৰ সহিবলগীয়া হ'ল গোৱালপাৰাৰ জলেশ্বৰৰ টাকীমাৰী গাঁৱৰ ছফিকুল ইছলাম নামৰ এজন লোকে। জানিব পৰা মতে, ১৫ দিন পূৰ্বে ছফিকুলৰ চিকিৎসাৰ দোহাই দি পত্নী মাজেদা খাতুনে তেওঁক ধুবুৰীৰ নিউ পাণবাৰীস্থিত পিতৃগৃহলৈ লৈ যায়। ইয়াৰ পিছত ছফিকুলৰ পৰিয়ালৰ লোকে ছফিকুলৰ খবৰ ল'বলৈ শহুৰেক নুৰ হুছেইনক যোগাযোগ কৰে। কিন্তু শহুৰেকে ছফিকুলক গোৱালপাৰাৰ নিজ ঘৰলৈ পঠিয়াই দিয়া বুলি জনায়।

নুৰ হুছেইনৰ কথাত সন্দেহ প্ৰকাশ কৰি ছফিকুলৰ পৰিয়ালৰ লোকে শীঘ্ৰে ছফিকুলক উলিয়াই দিয়াৰ দাবী জনায়। সেইদিনা নিশাই ছফিকুলক গোৱালপাৰাৰ নিজ বাসগৃহৰ পিছফালে মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায়। পিছত স্থানীয় লোকে ছফিকুলক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ যায়। সংকটজনক অৱস্থাত ছফিকুলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত ছফিকুলৰ পৰিয়ালে শহুৰ নুৰ হুছেইনৰ ওপৰত অভিযোগ উত্থাপন কৰিছে।

জোঁৱাইৰ ওপৰত শহুৰৰ পৰিয়ালৰ অমানৱীয় অত্যাচাৰ

ছফিকুলৰ পৰিয়ালৰ মতে, পত্নী মাজেদা খাতুনে ছফিকুলক ধুবুৰীৰ পিয়াজবাৰী ঝাইপাৰাস্থিত পিতৃগৃহলৈ লৈ যোৱাৰ পিছতে নিৰ্মম অত্যাচাৰ চলায়। ছফিকুলৰ শহুৰ নুৰ হুছেইন, পত্নী মাজেদা খাতুন আৰু খুলশালি, আৰু ভিনিহিয়েক নস্কৰ আলীয়ে নিতৌ মাৰপিট কৰাৰ অভিযোগ তুলিছে। ঘটনা সন্দৰ্ভত আটাইকেইজনকে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ গোৱালপাৰা আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষকক দাবী জনাইছে স্থানীয় ৰাইজে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছফিকুল ইছলাম।

লগতে পঢ়ক:কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.