পশ্চিম বিলাসীপাৰা,26 জুন: কৃত্ৰিম বানপানীৰ কবলত বিলাসীপাৰা মহকুমা সদৰ চহৰ ৷ বুধবাৰে পুৱতি নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চহৰ খনৰ কেৱাটাও ৱাৰ্ড জলমগ্ন হৈ পৰিছে ৷ কৃত্ৰিম বানপানীত ডুব গৈছে চহৰ খনৰ কেৱাটাও গুৰুত্বপূৰ্ণ পথ ৷ ফলত যমৰ যাতনা ভুগিব লগীয়া হৈছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীকে ধৰি সৰ্বসাধাৰণ ৰাইজ ৷
লগতে পঢ়ক: জি-20 সন্মিলনৰ লগতে মেক্ৰন আৰু ট্ৰাম্পৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোডী
উল্লেখ্য যে,যি সময়ত বিলাসীপাৰা চহৰ খনক আদৰ্শ চহৰ হিচাপে গঢ়ি তুলিবলৈ বিধায়ক অশোক কুমাৰ সিংহীয়ে ব্যাপক প্ৰস্তুতি চলাই আহিছে তেনে সময়ত একাংশ ঠিকাদাৰে অপৰিকল্পিত ভাৱে চহৰ খনত নলা নিৰ্মাণ কৰি অহাত এনে কৃত্ৰিম বানপানীয়ে জলা কলা খুৱাইছে চহৰ বাসীক ৷