পূৱ বিলাসীপাৰা, ২৬ নৱেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰৰ অংগনবাড়ী কৰ্মীয়ে আৰেয়াঝাৰ স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰায় চাৰি শতাধিক অংগনবাড়ী কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৰ্মী সকলে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক অংগনবাড়ী কৰ্মী সকলক নিয়মীয়া কৰ্মচাৰী ৰূপে স্বীকৃতি প্ৰদান কৰা বাবে দাবী জনায় ৷ তদুপৰি মাননীৰ সলনি মজুৰি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবেও দাবী উত্থাপন কৰে অংগনবাড়ী কৰ্মীসকলে ৷
ইফালে, প্ৰতিবাদস্থলীৰ পৰা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অংগনবাড়ী কৰ্মীসকলে কয়, ষাঠী বছৰৰ উদ্ধৰ অংগনবাড়ী কৰ্মী সকলক বিদায়ী মূহুৰ্তত এককালীন ৩ লাখ প্ৰদান কৰিব লাগে ৷ সমান্তৰালভাৱে সহায়কাৰী কৰ্মীসকলক ২ লাখ টকা প্ৰদান কৰিব লাগে বুলিও দাবী সম্বলিত মন্তব্য প্ৰকাশ কৰে কৰ্মীসকলে ৷
উল্লেখ্য যে, অংগনবাড়ী কৰ্মী সকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী ৷
লগতে পঢ়কঃচেন্নাইত গছ বাগৰি নিহত এজন লোক