ETV Bharat / state

বিলাসীপাৰাত চক্ৰ বিষয়া-লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ধনৰ বিনিময়ত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সংঘটিত হৈছে দুৰ্নীতি (Allegation of scam in Circle office)৷ ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত কৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিলাসীপাৰাবাসীয়ে ৷

Allegations of corruption at Circle Office at Bilasipara
ধনৰ বিনিময়ত বিলাসীপাৰাত এজনৰ মাটি আনজনৰ নামত নামজাৰি কৰি দিয়াৰ অভিযোগ
author img

By

Published : Apr 8, 2022, 12:24 PM IST

পশ্চিম বিলাসীপাৰা, 8 এপ্ৰিল : দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (Bilasipara Circle Office Scam) । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে (Allegations of corruption in Circle Office at Bilasipara) । লাট মণ্ডল শহৰ আলীৰ আৰু চক্ৰ বিষয়াৰ নাভূত-নাশ্ৰুত কৰ্ম কাণ্ডৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে প্ৰকৃত মাটিৰ গৰাকীয়ে ।

টকা দিলে হেনো লাট মণ্ডল শহৰ আলীয়ে ৰাতিক দিন আৰু দিনক ৰাতি কৰিব পাৰে । পুনৰ পোহৰ লৈ আহিছে লাট মণ্ডল শহৰ আলীৰ দুৰ্নীতিৰ আন এক ক’লা অধ্যায় । এই কথা পোহৰলৈ আনিছে অঞ্চলটোৰ ৰাইজে ৷

Allegations of corruption at Circle Office at Bilasipara
ধনৰ বিনিময়ত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সংঘটিত হৈছে দুৰ্নীতি

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিলাসীপাৰাৰ সূৰ্যখাতা দ্বিতীয় খণ্ড গাঁৱত অৱস্থিত নতুন পট্টা নং ৭৮ ৰ ১৩৪ নং দাগৰ ১ বিঘা ২ কঠা ১৮ লেছা মাটিৰ গৰাকী আব্দুল আজিজ শেখে মাটিখিনি বিমল চন্দ্ৰ শাহাৰ ওচৰত বন্ধকত থৈছিল । ভুক্তভোগীৰ অভিযোগ অনুসৰি, বিমল চন্দ্ৰ সাহাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত মাটিখিনি প্ৰথমে নিজৰ নামত কৰি লয় ।

লগতে পঢ়ক : Paddy procurement centres: নগাঁৱৰ ৰূপহীহাটৰ ধান ক্ৰয় কেন্দ্ৰত দুৰ্নীতি

পৰৱৰ্তী সময়ত লাট মণ্ডল শহৰ আলীক মোটা অংকৰ ধন দি নিজৰ নামৰ পৰা আকৌ বিমল চন্দ্ৰ শাহাৰ পুত্ৰৰ নামত নামজাৰি কৰি মাটিখিনি আন এগৰাকী ব্যক্তিক বিক্ৰী কৰি দিয়ে । সম্প্ৰতি প্ৰকৃত মাটিৰ গৰাকী আব্দুল আজিজ শেখৰ পুত্ৰ আৰু জীয়ৰীয়ে নিজৰ প্ৰাপ্য বিচাৰি ঘূৰিছে বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ।

প্ৰশ্ন হয়, কেতিয়া ভুক্তভোগীয়ে পাব ন্যায় ? দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিলাসীপাৰাৰ এইগৰাকী দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল শহৰ আলীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Fertilizer scam in Assam: CID ৰ অভিযানত ৯ জন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.