পূৱ বিলাসীপাৰা, 2 এপ্ৰিল: এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলে গামোছা দলিয়াই দিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদ দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে ৰাজনৈতিক নেতা সকলে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব লাগে বুলি মন্তব্য কৰে ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ গান্ধী ময়দানত বিলাসীপাৰা পূৱ সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰহমানে এই মন্তব্য কৰে ৷
আজমলে গামোছাখন দলিওৱা দিয়াটো উচিত হোৱা নাই বুলি মন্তব্য কৰি ৰহমানে কয় যে, "আজমলে গামোচাখনক দলিয়াই দিব নালাগিছিল ৷ এইটো উচিত হোৱা নাই কাৰণ ই অসমীয়া জাতিৰ স্বাভিমান ৷ ৰাজনৈতিক নেতা সকলে নিজৰ খং ক্ষোভ বোৰ নিয়ন্ত্ৰণত ৰাখিব লাগে ৷"
মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিক দিয়া ভাবুকি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰহমানে এই ঘটনাক গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰাৰ লগতে এইয়া এক অপৰাধ বুলিও অভিহিত কৰে ৷ ঘটনাটোক তীব্ৰ গৰিহণা দিয়াৰ লগতে নিৰ্বাচনী আয়োগক এই বিষয়ে বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনাই তেওঁ কয় যে, সাংবাদিক সকলক দেশৰ সংবিধানেই বিশেষ অধিকাৰ প্ৰদান কৰিছে ৷ এইক্ষেত্ৰত সাংবাদিকক ভাবুকি প্ৰদান কৰাটো সমিচীন হোৱা নাই ৷
অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডাঃ কানুলাল দাসৰ হৈ চলোৱা এই নিৰ্বাচনী প্ৰচাৰত অসম জাতীয় পৰিষদ দলৰ ষ্টাৰ কেম্পেইনাৰ অসম জাতীয় পৰিষদ দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ লগতে জেৰিফা ৱাহিদো উপস্থিত থাকে ৷ দুয়োগৰাকীয়ে সভাত উপস্থিত হৈ ৰাইজৰ আগত ভাষণ প্ৰদান কৰি বিজেপি, এআইইউডিএফ আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি 6 এপ্ৰিলত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী ডাঃ কানুলাল দাসক ভোট দি নিৰ্বাচনত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া