ETV Bharat / state

টেঙা আমৰ বেপাৰী বদৰুদ্দিন আজমল: আবু তাহেৰ বেপাৰী - ETV BHARAT

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আজমলক কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও উঠি পৰি লাগিছে কংগ্ৰেছ দল ৷

ABU TAHER BEPARI
author img

By

Published : Apr 7, 2019, 8:07 PM IST

ধুবুৰী, 7 এপ্ৰিল: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে গাঁৱে গাঁৱে আৰু প্ৰতিটো পঞ্চায়তত কৰ্মী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ক্ৰমাৎ চমু চাপি অহাৰ বাবে প্ৰচাৰৰ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও উঠি পৰি লাগিছে কংগ্ৰেছ দল৷ প্ৰচাৰ অভিযানতে বিগত দহ বছৰ ধৰি ধুবুৰী সমষ্টি দখল কৰি ৰখা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে একপ্ৰকাৰৰ যুদ্ধ ঘোষণা কৰে আবু তাহেৰে ৷ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমেও এইবাৰ মহিলা ভোটাৰ সচেতন হৈছে বুলি মন্তব্য কৰি কয় যে, সৰহসংখ্যক মহিলা ভোটাৰে কংগ্ৰেছতে ভোটদান কৰিব ৷

ABU TAHER BEPARI'S ELECTION CAMPAIGN

ইফালে বদৰুদ্দিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে মন্তব্য কৰে যে, ধুবুৰীত আবু তাহেৰৰ বেপাৰ নচলে, আজমলৰ বেপাৰহে চলে ৷ এই সমালোচনাৰ পাছতে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰে ওভটি ধৰি কয় যে, আজমলৰ টেঙা আমৰ বেপাৰ এইবাৰ বন্ধ হ'ব ৷

Intro: ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে গাওঁৱে গাওঁৱে পঞ্চায়তে পঞ্চায়তে কৰ্মী সভা অনুষ্ঠিত কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সমান্তৰালকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। দোকান বন্ধ হব টেঙা আমৰ বেপাৰী আজমলৰ। কলে আন এক বেপাৰীয়ে।

Body: তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উটি পৰি লাগিছে কংগ্ৰেছে। বিগত দহ বছৰ ধৰি ধুবুৰী সমষ্টি দখল কৰি ৰখা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে কংগ্ৰেছে। কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী এইবেলি জয়ী হব বুলি এশ শতাংশই দাবী কৰিছে। আবু তাহেৰ বেপাৰীৰ সমান্তৰালকৈ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ মতে এইবেলি মহিলা ভোটাৰ সচেতন হৈছে আৰু আজমলৰ বেছিভাগ মহিলা ভোটাৰে এইবেলি কংগ্রেছক ভোট দিব।

ইপিনে নিৰ্বাচনৰ প্ৰাকক্ষণত ধুবুৰীত দুই বেপাৰীৰ বেপাৰৰ যুদ্ধ তুংগত। দুয়ো কোটিপতি শক্তিশালী বেপাৰী। এজন বদৰুদ্দিন আজমল। আনজন আবু তাহেৰ বেপাৰী। কিন্তু ধুবুৰী লোকসভা দুই বেপাৰীৰ যুদ্ধ। বদৰুদ্দিন আজমল আৰু আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰীত আবু তাহেৰ বেপাৰীৰ বেপাৰ নহয় বদৰুদ্দিন আজমলৰ বেপাৰ চলিব বুলি কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক সমালোচনা কৰাৰ পিছত এইবাৰ আজমল বেপাৰীক উভতি ধৰিছে আবু তাহেৰ বেপাৰীয়ে। কলে আজমলৰ টেঙা আমৰ বেপাৰ আৰু বেপাৰৰ দোকান এইবেলি বন্ধ হৈ যাব।

Conclusion: উল্লেখযোগ্য যে, এইবেলি নিৰ্বাচনত দুই কোটিপতি বেপাৰীৰ যুদ্ধ পৰৱৰ্তী সময়ত কোন দিশলৈ গতি কৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.