ধুবুৰী, 20 জানুৱাৰী : বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছৰ নেতৃত্বত এ আই ইউ ডি এফৰ লগতে আন কেইবাটাও আঞ্চলিক দল মিলি মহাজোঁট বন্ধনৰ অনুষ্ঠানিকতা সম্পন্ন কৰিলে । ইয়াৰ পিছতেই বুধবাৰে ধুবুৰীৰ গৌৰীপুৰৰ এখন সভাত উপস্থিত হয় এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল । সভাত উপস্থিত থাকি আজমলে অসমত এইবাৰ মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে ৷
ইয়াৰ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক উদ্দেশ্যে কৰি কয় যে, ‘‘আপোনালোকো কা বিৰোধী আমিও ৷ গতিকে আপোনালোকো আহক এই মহাজোঁট বন্ধনলৈ । নহ’লে ৰাইজে ভাবিব, ভিতৰি ভিতৰি বিজেপিৰ লগত মিত্ৰতা আছে ।’’ এই সভাত ধুবুৰীত আজমল ফাউণ্ডেচনে ক্ৰয় কৰা ২৫ বিঘা মাটিত বিশ্ববিদ্যালয় কৰাৰ এক আশ্বাস প্ৰদান কৰে আজমলে । অতি শীঘ্ৰেই ইয়াৰ কামো আৰম্ভ হ’ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ সভাত ধুবুৰী, গৌৰীপুৰ, জলেশ্বৰ আৰু জনীয়া সমষ্টিৰ দলীয় বিধায়কৰ উপৰিও বহু কেইগৰাকী নেতা উপস্থিত থকাৰ লগতে কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক : সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা