ETV Bharat / state

মিত্ৰতা ভংগ : অকলে উপ-নিৰ্বাচনত নামিব AIUDF - বিধানসভা নিৰ্বাচন

তিনি সমষ্টিৰ উপ নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিব AIUDF য়ে । গোসাঁইগাঁও, তামুলপুৰ, ভবানীপুৰ সমষ্টিত নিৰ্বাচন খেলিব দলটোৱে ৷

AIUDF
অকলে উপ-নিৰ্বাচনত নামিব AIUDF
author img

By

Published : Aug 30, 2021, 10:41 PM IST

ধুবুৰী, 30 আগষ্ট : বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোট বন্ধন । কিন্তু নিৰ্বাচনত মহাজোটে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰাৰ পিছৰ পৰাই মহাজোটৰ ভেটি থৰক বৰক হ’বলৈ ধৰে । কেতিয়াবা যদি কংগ্ৰেছে এ আই ইউ ডি এফক আক্ৰমণ কৰিছে , কেতিয়াবা আকৌ এ আই ইউ ডি এফে কংগ্ৰেছক সমালোচনা কৰিছে । তাৰ মজতে মিত্ৰতা ভংগ হ’ল দুয়োটা দলৰ ৷

লগতে পঢ়ক : এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

মহাজোটৰ ৰাজনীতিত যেন হেঙাৰ হৈ থিয় দিছিল অখিল গগৈয়ে । অখিল গগৈৰ স্থিতিক লৈ এতিয়া প্ৰশ্ন তুলিছে এ আই ইউ ডি এফে ।

সোমবাৰে মিত্ৰতা ভংগৰ পূৰ্বেই ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘‘ৰাজ্যৰ ৰাজনীতিত মহাজোটৰ প্ৰয়োজন আছে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ । আমি AICC ৰ লগতহে মিত্ৰতা কৰিছোঁ ।’’

ইপিনে অখিল গগৈয়ে কৰা এ আই ইউ ডি এফ বিৰোধী মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ ক্ষুৰধাৰ সমালোনা কৰিলে অখিল গগৈক । তেওঁ কয় যে, অখিল গগৈৰ জালত বন্দী কংগ্ৰেছৰ দুই এজন নেতা । অখিল গগৈ এজন স্থিতিহীন মানুহ । তেওঁৰ কোনো স্থিতি নাই । অখিল কেতিয়া কাৰ পক্ষত কথা কয় ঠিক নাই ।

আনপিনে মিত্ৰতা ভংগ হ’লে তিনি সমষ্টিৰ উপ নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিব আৰু জিকিব বুলিও দাবী কৰে আমিনুল ইছলামে । গোসাঁইগাঁও, তামুলপুৰ, ভবানীপুৰ সমষ্টিত নিৰ্বাচন খেলিব AIUDF য়ে ।

ইপিনে ভবানীপুৰৰ বিধায়কৰ দল ত্যাগ সন্দৰ্ভত আমিনুল ইছলামে কয় যে, বিধায়কজনক জেলত ভৰোৱাৰ ভাবুকিৰে ব্লেকমেইলিং কৰি আছে বিজেপিয়ে । বিধায়ক ফণী তালুকদাৰে বিজেপিত জইন নকৰিলে তিহাৰ জেলত যাব লাগিব ।

এতিয়া যিহেতু কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হ’ল গতিকে এ আই ইউ ডি এফ দলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া অতিকৈ লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.