ETV Bharat / state

গৰুৰ পাচত ৰাজনৈতিক জন্তু গাহৰি! - ধুবুৰী

মুছলমান মানুহে বিজেপি, এজিপি অথবা কংগ্ৰেছক ভোট দিলে খাব লাগিব গাহৰি ৷ গতিকে দেশ তথা অসমক আৰ এছ এছ আৰু নৰেন্দ্ৰ মোদীৰ পৰা উদ্ধাৰ কৰাটো প্ৰয়োজনীয় ৷

গৰুৰ পাচত ৰাজনৈতিক জন্তু গাহৰি !
author img

By

Published : Apr 21, 2019, 8:04 AM IST

বিলাসীপাৰা, 21 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাথো দুটা দিন বাকী ৷ নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ কি শাসক কি বিৰোধী, তংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বাদ পৰি থকা নাই এ আই ইউ ডি এফ দলো ৷ কি গৰু, কি গাহৰি সকলো এতিয়া নিৰ্বাচনী অস্ত্ৰ ৷ মুছলমান মানুহে বিজেপি,এজিপি অথবা কংগ্ৰেছক ভোট দিলে খাব লাগিব গাহৰি ৷ এই মন্তব্য এগৰাকী জনপ্ৰতিনিধিৰ ৷ ধুবুৰীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত এই বিতৰ্কিত মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ | শনিবাৰে বিলাসীপাৰাৰ শিমলাকান্দিত এখন নিৰ্বাচনী গণ সমাবেশ অংশ গ্ৰহণ জৰা-ফুকা কৰাৰ মাজতে বদৰুদ্দিন আজমলে কৰা এই সাম্প্ৰদায়িক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে| মাথো এইয়াই নহয় হেলিকপ্টাৰৰে ধূলি উৰোৱাই গণ সমাৱেশত ভাগ লোৱা আজমলে চকুৰ পানী টুকি আৱেগিক ৰাজনীতিৰে ৰাইজৰ মন জয় কৰাৰো চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷

গৰুৰ পাচত ৰাজনৈতিক জন্তু গাহৰি!

ইয়াৰোপৰি শুক্ৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকল সবে কদৰ উৎসৱৰ অংশ ৰূপে আজমলে নিজৰ ভাষণত মুছলমান লোকক হিংসা বিদ্বেষ পাহৰি আল্লাৰ উপাসনা কৰিবলৈ আহ্বান জনায় | উপস্থিত ৰাইজৰ উদ্দেশ্যি আজমলে দেশ তথা অসমক আৰ এছ এছ আৰু নৰেন্দ্ৰ মোদীৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনাই | আনহাতে সাংসদ গৰাকীয়ে ৰাজ্যত কংগ্ৰেছ দলক বিৰোধ কৰিলেও চতুৰালিৰে আকৌ কেন্দ্ৰত কংগ্ৰেছৰ মহা জোঁট বন্ধনক সমৰ্থন আগবঢ়াব বুলিও মতপোষণ কৰে |

Intro:. I - মুছলমান মানুহে বিজেপি,এজিপি অথবা কংগ্ৰেছক ভোট দিলে খাব লাগিব *গাহৰীৰ* মাংস | এই মন্তব্য আমাৰ নহয় | এই বিতৰ্কিত মন্তব্য বদৰুদ্দিন আজমলৰ | শনিবাৰে বিলাসীপাৰাৰ শিমলাকান্দিত নিৰ্বাচনী গণ সমাবেশ এখনত অংশ গ্ৰহন কৰি এই দৰে কয় এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল |Body:V. O - তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাথো দুটা দিন বাকী | নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ কি শাসক কি বিৰোধী, তংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান | বাদ পৰি থকা নাই এ আই ইউ ডি এফ দলো |
শনিবাৰে বিয়লী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিলাসীপাৰাৰ শিমলাকান্দিত হেলিকপ্টাৰ যোগে উপস্থিত হয় দলটোৰ মূৰব্বী বদৰুদ্দিন আজমল |
নিৰ্বাচনী গণ সমাবেশত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ আজি পালন কৰিব লগীয়া *সবে কদৰ* উৎসৱ হিচাপে সকলো মুছলমান লোকক হিংসা বিদ্বেষ পাহৰি আল্লাহৰ (ঈশ্বৰৰ) উপাসনা কৰিবলৈ আহ্বান জনায় | সভাত উপস্থিত প্ৰায় পাঁচ সহস্ৰাধিক লোকক উদ্দেশি নিজৰ ভাষনত আজমলে কান্দি কান্দি ধৰ্মীয় উপাসনাৰ আহ্বান জনাই আবেগিগ কৰি তোলে ৰাইজক |
Visual No - 3Conclusion:লগতে দেশ তথা অসমক আৰ এছ এছ আৰু নৰেন্দ্ৰ মোদীৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱায় |
আনহাতে সাংসদ গৰাকীয়ে ৰাজ্যত কংগ্ৰেছ দলক বিৰোধ কৰিলেও চতুৰালিৰে আকৌ কেন্দ্ৰত কংগ্ৰেছৰ মহা জোঁট বন্ধনক সমৰ্থন আগবঢ়াব বুলিও মত পোষণ কৰে |
Bite - Badaruddin Ajmal
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.