পূৱ বিলাসীপাৰা, 6 জানুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰৰ আৰেয়াঝাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ এল্ট’ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে বাইক চালক জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় বাইক আৰোহী ছামচুল হক ৷ মৃত্যু হোৱা বাইক চালকজনৰ নাম হৈছে ছাখিমুদ্দিন শেখ ৷ ছাখিমুদ্দিন শেখৰ ঘৰ চাপৰৰ ৰঙামাটি ছচলাপাৰাত ৷
জানিব পৰা মতে, ছামচুল হকৰ অৱস্থা সংকটজনক ৷ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ছামচুলক ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS 25F 1939 ৷ আনহাতে এল্ট’ বাহনখনৰ নম্বৰ হৈছে AS 06B 6911 ৷
- লগতে চাওক- অকৰ্মণ্য অসম ক্ৰীড়া সংস্থাঃ লজ্জানত অসমবাসী