ETV Bharat / state

২০২১ ত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব: আবু তাহেৰ বেপাৰী

author img

By

Published : Jan 2, 2021, 9:03 PM IST

নতুন বছৰৰ আৰম্ভণিতেই দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে । ২০২১ ত কংগ্ৰেছৰেই চৰকাৰ হ’ব। এই দাবী কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ।

২০২১ ত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিবঃ আবু তাহেৰ বেপাৰী

ধুবুৰী, 2 জানুৱাৰী: ২০২১ ৰ বিধানসভা নিৰ্বাচন সমাগত। মাজত মাথো কেইটামান মাহ বাকী থকাৰ সময়তে শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা । তাৰ সমান্তৰলভাৱে বিজেপিৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নিৰ্বাচনী যুঁজ আৰম্ভ কৰা দেখা গৈছে কংগ্ৰেছে ।

শনিবাৰে নতুন বছৰৰ আৰম্ভণিতেই প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ধুবুৰীত এখন জৰুৰী সভা অনুষ্ঠিত হয় । উক্ত সভাতে দলটোৱে দলীয় সাংগঠনিক দিশত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তৰ বিষয়ে আলোচনা কৰে । এই কথা উল্লেখ কৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে। বেপাৰীয়ে অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাই কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদৰ্শ লৈ কংগ্ৰেছে নিৰ্বাচনী যুজঁত নামিব ।

ইপিনে অসমত ২০২১ ত কংগ্ৰেছে চৰকাৰ গঠন কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক মাহেকীয়া ভাবে আৰ্থিক সাহায্য দিয়াৰ বিপৰীতে বিদ্যুতৰ বিল বহু পৰিমাণে ৰেহাই দিব বুলি উল্লেখ কৰে বেপাৰীয়ে। লগতে বিজেপিৰ দখলত থকা ধুবুৰী জিলাৰ দুয়োটা সমষ্টিকে ধৰি জিলা খনৰ আটাইকেইটা সমষ্টি কংগ্ৰেছৰ দখললৈ আহিব বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা আবু তাহেৰ বেপাৰীয়ে।

লগতে পঢ়ক: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.