ETV Bharat / state

দৰিদ্ৰ ঠেলাচালকৰ পৰিয়ালক উচ্ছেদৰ ষড়যন্ত্ৰ!

বিলাসীপাৰাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ পঞ্চায়ত কাউন্সিল বিৰুদ্ধে গাঁওখনৰ এজন নিৰীহ ঠেলাচালকৰ পৰিয়ালক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে |

মাফিয়া কায়দাৰে দুখীয়া ঠেলাচালকৰ পৰিয়ালক উচ্ছেদৰ ষড়যন্ত্ৰ
author img

By

Published : Aug 30, 2019, 1:21 PM IST

বিলাসীপাৰা, 30 আগষ্টঃ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ কদম তোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত শুৰিপাৰা ১ম খণ্ড গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা | পঞ্চায়তখনৰ কাউন্সিলৰ ৰীমা গোহাঁইয়ে গাঁওখনৰ এজন দৰিদ্ৰ ঠেলাচালকৰ পৰিয়ালক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে | গাঁওখনৰ বাসিন্দা তথা ঠেলাচালক ননীকান্ত নাথে নিজ পিতৃৰ নামত ম্যাদী পাট্টাৰ ভূমি এডোখৰত দীৰ্ঘদিন গাঁৱত জুপুৰী ঘৰ সাজি পত্নী আৰু দুটা সন্তানৰ সৈতে দিন অতিবাহিত কৰি আহিছে | শেহতীয়াকৈ নিজৰ লাভালাভৰ স্বাৰ্থত পঞ্চায়তখনৰ কাউন্সিলৰ ৰীমা গোহাঁই আৰু তেওঁৰ স্বামী দীনেশ নাথে দৰিদ্ৰ ঠেলাচালকজনৰ ম্যাদী পট্টা থকা ভূমি এডোখৰত ক্লাৱ ঘৰ সাজিবলৈ উঠি পৰি লাগিছে ৷ সেই পৰিকল্পনা মতে যোৱা ২৬ আগষ্টৰ দিনা ৰীমা গোহাঁই আৰু তেওঁৰ স্বামীয়ে কেইজনমান স্থানীয় যুৱকৰ সহযোগত ননীকান্তৰ ভূমি ডোখৰত উচ্ছেদ অভিযান চলায় বুলি অভিযোগ উঠিছে | এক্সকেভেটৰেৰে উচ্ছেদ অভিযান চলাই ননীকান্তৰ জুপুৰী সদৃশ ঘৰৰ বেৰ আদি ভাঙি দিয়াৰ লগতে তেওঁৰ বাঁহনি বাৰীও ভাঙি চূড়মাৰ কৰে আৰু ননীকান্তৰ পৰিয়ালক মাৰধৰ কৰাৰো ভাবুকি দিয়ে বুলি অভিযোগ তোলে ননী কান্তই | পিছত ঘটনা সন্দৰ্ভত ননীকান্তই সাপটগ্ৰাম আৰক্ষী থানাত ৰীমা গোহাঁই তেওঁৰ স্বামী দীনেশ নাথ আৰু স্থানীয় ব্যক্তি হিৰণ্য নাথ,বকুল নাথ আৰু মহন্ত নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে | এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও ঘটনাত জড়িত কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই | এইক্ষেত্ৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু চৰকাৰক তদন্ত মৰ্মে ন্যায় প্ৰদানৰ দাবী তুলিছে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিয়ে |

Intro:Anchor - বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ কদম তোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত শুৰিপাৰা ১ম খণ্ড গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনাৰ |পঞ্চায়ত খনৰ কাউন্সিলৰ ৰীমা গোহাঁইয়ে গাঁও খনৰ এজন নীৰিহ ঠেলাচালকৰ পৰিয়ালক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে | গাঁও খনৰ বাসিন্দা তথা ঠেলাচালক ননী কান্ত নাথে নিজ পিতৃৰ নামীয় ম্যাদী পাট্টাৰ ভুমি এডোখৰত দীৰ্ঘ দিন যাৱত জুপুৰী ঘৰ সাজি পত্নী আৰু দুটা সন্তানৰ সৈতে দিন অতিবাহিত কৰি আহিছে | পিতৃ নামীয় ম্যাদী পাট্টা নম্বৰ ৯০ আৰু দাগ নম্বৰ ১৯০ ত ঘৰ সাজি ঠেলাগাড়ী চলাই আহিছে ননী কান্ত নাথে | সেহতীয়াকৈ নিজৰ লাভালাভৰ স্বাৰ্থত পঞ্চায়ত খনৰ কাউন্সিলৰ ৰীমা গোহাঁই আৰু তেওঁৰ স্বামী দীনেশ নাথে নীৰিহ ঠেলাচালক জনৰ ম্যাদী পাট্টা থকা ভুমি এডোখৰত ক্লাৱ ঘৰ সাজিবলৈ উঠি পৰি লাগিছে Body:আৰু সেই মতে যোৱা ২৬ আগষ্টৰ দিনা ৰীমা গোহাঁই আৰু তেওঁৰ স্বামীয়ে কেইজন মান স্থানীয় যুৱকৰ সহযোগত ননীকান্তৰ ভুমি ডোখৰত উচ্ছেদ অভিযান চলায় বুলি অভিযোগ উঠিছে | এক্সকেভেটৰেৰে উচ্ছেদ অভিযান চলাই ননীকান্তৰ জুপুৰী সদৃশ ঘৰৰ বেৰ আদি ভাঙি দিয়াৰ লগতে তেওঁৰ বাঁহনি বাৰীও ভাঙি চূড়মাৰ কৰে আৰু ননীকান্তৰ পৰিয়ালক মাৰধৰ কৰাৰো ভাবুকি দিয়ে বুলি অভিযোগ তোলে ননী কান্তই | এই ঘটনাত সৰু সৰু সন্তান দুটা সহ পৰিয়ালটোৱে পলায়ন কৰি জীৱন ৰক্ষা কৰে বুলি জনিব দিয়ে | পিছত ঘটনা সন্দৰ্ভত ননীকান্তই সাপটগ্ৰাম আৰক্ষী থানাত ৰীমা গোহাঁই তেৱৰ স্বামী দীনেশ নাথ, হিৰণ্য নাথ, বকুল নাথ আৰু মহন্ত নাথৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে | এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও ঘটনাত জড়িত কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই | ক্ষেত্ৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু চৰকাৰক তদন্ত মৰ্মে ন্যায় প্ৰদানৰ দাবী তুলিছে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিয়ে |Conclusion:Bite 1- ননীকান্ত নাথ |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.