ETV Bharat / state

মদ্যপান, বাক-যুদ্ধৰ পাচতেই নৃশংস হত্যাকাণ্ড ! ক’ত সংঘটিত হ’ল এই ঘটনা

author img

By

Published : Nov 5, 2019, 7:27 PM IST

মদ্যপান কৰাক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ ভেৰভেৰীত হত্যাকাণ্ড, আটক তিনি ভাতৃ ৷ মদ্যপান কৰাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা কাজিয়াৰ চৰম পৰিণতি ৷

মদ্যপান, বাক যুদ্ধ তাৰ পাচতেই নৃশংস হত্যাকাণ্ড

বিলাসীপাৰা, 5 অক্টোবৰ: বিলাসীপাৰাৰ ভেৰভেৰীত মঙলবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ সুৰাপান কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ভেৰভেৰী গাঁৱৰ তিনি ভাতৃয়ে হাতুৰী, বটালী আৰু লোৰ ৰ'ডেৰে কোৱাই হত্যা কৰে মুছিল ৰায় নামৰ এজন 42 বছৰীয়া লোকক ৷ মদ্যপান কৰাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা কাজিয়াত প্ৰাণ যায় লোকজনৰ ৷

বিলাসীপাৰাত নৃশংস হত্যাকাণ্ড

ঘটনা অনুসৰি, কচলতটাৰী প্ৰথম খণ্ডৰ ভেৰভেৰী গাঁৱৰ সঞ্জয় ৰায়ৰ ঘৰত কালিদাস ৰায়ৰ লগত মদ্যপান কৰি আছিল মুছিল ৰায় ৷ পৰৱৰ্তী সময়ত কালিদাসৰ তিনি পুত্ৰ ক্ৰমে বিকাশ ৰায় (24) সুভাষ ৰায় (26) আৰু প্ৰকাশ ৰায়ে (22) পিতৃক বিছাৰি সঞ্জয় ৰায়ৰ ঘৰত উপস্থিত হয় | তাতে মদ্যপান কৰাক কেন্দ্ৰ কৰি মুছিল ৰায়ৰ সৈতে তৰ্কা-তৰ্কিৰ সূত্ৰপাত হয় ৷ পৰৱৰ্তী সময়ত এই তৰ্কা-তৰ্কি পৰ্যবসিত হয় মাৰপিটলৈ ৷ এই মাৰপিটৰ ঘটনাতে বিকাশ ৰায়ৰ প্ৰহাৰত থিতাতে মৃত্যু হয় মুছিল ৰায়ৰ ৷ ঘটনাস্থলীত পাচত সাপটগ্ৰাম আৰক্ষীসহ বিলাসীপাৰা মহকুমাৰ দণ্ডাধীশ কৃতিকা বসুমতাৰী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে | ঘটনাত জড়িত থকাৰ অভিযোগত সাপটগ্ৰাম আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী তিনি ভাতৃক | ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷

Intro:Anchor - বিলাসীপাৰাৰ ভেৰভেৰীত মঙ্গলবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ | মদ্যপান কৰাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা কাজিয়াৰ চৰম পৰিণতি | তিনি ভাতৃৰ প্ৰহাৰত নিহত হয় মুছিল ৰায় (৪২) নামৰ লোক এজন | ঘটনাত জড়িত থকাৰ অভিযোগত সাপটগ্ৰাম আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী তিনি ভাতৃক | ঘটনাটিয়ে অঞ্চলজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ |Body:. O - বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাৰ | সুৰাপান কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ভেৰভেৰী গাঁৱৰ তিনি ভাতৃয়ে হাতুৰী, বটালী আৰু লোৰ ৰ'ডেৰে কোৱাই হত্যা কৰে মুছিল ৰায় নামৰ ব্যক্তি এজনক |কচলতটাৰী ১ম খণ্ড গাঁৱৰ মুছিল ৰায়ে ভেৰভেৰী গাঁৱৰ সঞ্জয় ৰায়ৰ ঘৰত কালিদাস ৰায়ৰ লগত মদ্যপান কৰি আছিল | এই ঘটনাক কেন্দ্ৰ কৰি কালিদাসৰ তিনি পুত্ৰ ক্ৰমে বিকাশ ৰায় (২৪) সুভাষ ৰায়(২৬) আৰু প্ৰকাশ ৰায়ে (২২) পিতৃক বিছাৰি সঞ্জয় ৰায়ৰ ঘৰত উপস্থিত হয় | তাতে মদ্যপান কৰাক কেন্দ্ৰ কৰি প্ৰথমে মুছিল ৰায়ৰ সৈতে তৰ্কাতৰ্কিৰ সুত্ৰপাত হয় পৰবৰ্তী সময়ত মাৰপিটৰ ঘটনালৈ পৰ্যবসিত হয় | বিকাশ ৰায়ৰ প্ৰহাৰত থিতাতে মৃত্যু হয় মুছিল ৰায়ৰ | পিছত ঘটনাস্থলীত সাপটগ্ৰাম আৰক্ষী সহ বিলাসীপাৰা মহকুমাৰ দণ্ডাধীশ কৃতিকা বসুমতাৰী উপস্থিত হৈ মৃতদেহ টো উদ্ধাৰ কৰে | লগতে আৰক্ষীয়ে অভিযান চলাই হত্যাকাৰী তিনি ভাতৃক আটক কৰিবলৈ সক্ষম হয় | Conclusion:Byte
1. প্ৰত্যক্ষদৰ্শী
2.হত্যাকাৰী,বিকাশ ৰায়
3. দণ্ডাধীশ |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.