ETV Bharat / state

অলৌকিক: 30 বছৰৰ পিছত অক্ষত অৱস্থাত উদ্ধাৰ এটা কফিন ! - অক্ষত অৱস্থা

মানুহ এজন মৃত্যুৰ পিছত কবৰত কিমানদিন লৈকে থাকে মৃতদেহ । কিমান দিনলৈকে মৃতদেহ কবৰস্থ কৰা কাপোৰ কাপোৰ হৈয়েই থাকিব পাৰে বাৰু । হয়তো আপোনালোকে ভাবিছে এবছৰ বা দুবছৰ । যদি তেনে ভাবিছে তেন্তে আপোনাৰ ধাৰণা ভুল । ধুবুৰীৰ ভেলাংগামাৰী গাঁৱত টিপকাই নৈৰ খহনীয়াই উলিয়ালে ৩০ বছৰীয়া অক্ষত মৃত ব্যক্তিৰ কফিনটো ।

অলৌকিক: 30 বছৰৰ পিছত অক্ষত অৱস্থাত উদ্ধাৰ এটা কফিন !

author img

By

Published : Aug 26, 2021, 11:07 PM IST

ধুবুৰী,26 আগষ্ট : ভাঙে নদী, কান্দে মানুহ ৷ নদীয়ে ইপাৰ ভাঙি সিপাৰ গঢ়াই যেন নিয়ম ৷ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা পঞ্চায়তৰ ভেলাংগামাৰী গাঁৱত এইবছৰৰ প্ৰথমটো বানপানীৰ সময়ৰ পৰাই টিপকাই নদীৰ তাণ্ডৱ অব্যাহত আছে ৷ চপৰা চপৰে খহিছে নৈৰ গঢ়া ।

ইতিমধ্যে গাঁওখনৰ প্ৰায় কুৰিটা পৰিয়ালৰ ঘৰ-ভেটি কিছুদিন পূৰ্বেই নদীত জাহ গৈছে ৷ ঘৰ ভেটিৰ অৱশিষ্টখিনিও সম্প্ৰতি জাহ যাবলৈ সামান্য বাকী আছে ৷ গাঁওখনৰ খহনীয়াৰ তাণ্ডৱে কন্দুৱাইছে গাঁওবাসীক । কিন্তু তেনে সময়তে গৰাখহনীয়াই দেখুৱালে এক অলৌকিক দৃশ্য ।

অলৌকিক: 30 বছৰৰ পিছত অক্ষত অৱস্থাত উদ্ধাৰ এটা কফিন !

ঘটনা অনুসৰি আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে মৃত হোৱা এগৰাকী ব্যক্তিৰ অক্ষত অৱস্থাত থকা মাটিত পুতিথোৱা কফিন দেখি ৰাইজৰ মাজত হুৱা-দুৱা লাগে ৷ গাঁওখনৰ লগতে অঞ্চলৰ মুখীয়াল ব্যক্তি সকলেও দৃশ্যটো দেখি হতবাক হৈ পৰে ৷

লগতে পঢ়কঃ জনা-নজনা: কিহৰ বাবে আমাজানৰ ওপৰত নিৰ্মাণ হোৱা নাই দলং ?

সম্প্ৰতি বিভিন্ন প্ৰান্তৰ ৰাইজেও ঘটনা চাবলৈ গৈ ঠাইখনত ভিৰ কৰা দেখা গৈছে ৷ ৰাইজে জানিবলৈ দিয়া মতে, ত্ৰিছ বছৰ পূৰ্বে কদ্দুছ আলী মুন্সী নামৰ এগৰাকী সৰল সহজ ধাৰ্মিক লোকক সেই স্থানতে সৎকাৰ কৰা হৈছিল । তাৰপাচত টিপকাই নৈৰ খহনীয়াত কবৰস্থানখন জাহ যাবলৈ ধৰে ৷ কিন্তু মৃতদেহটো গেলি-পচি নোযোৱা কফিনটো ওলাই পৰে ৷ যি দৃশ্য দেখি এতিয়া হতবাক হৈ পৰে স্থানীয় লোক সকল ৷

সম্প্ৰতি উক্ত ঠাইখন বাঁহৰ বেৰ দি সংৰক্ষিত কৰি ৰাখিছে স্থানীয় ৰাইজে ৷ তাৰ সমান্তৰাল ভাৱে নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিধায়ক, সাংসদক দাবী জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, প্ৰায় ত্ৰিছ বছৰৰ পুৰণি মৃতদেহৰ কফিনটো অক্ষত অৱস্থাত দেখিবলৈ পাই সৃষ্টিকৰ্তাৰ সৃষ্টিৰাজিৰ মহিমা আৰু ৰহস্য জনা সম্ভৱ নহয় বুলি কয় গাঁওবাসীয়ে ।

লগতে পঢ়কঃ অসমৰ পৰাই মাতৃভূমি আফগানিস্তানৰ বাবে প্ৰাৰ্থনা শ্বেহজাদা খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.