ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন বিলাসীপাৰাৰ সাংবাদিকৰ - বৰ্তমানলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য

বিলাসীপাৰাত এগৰাকী যুৱ সাংবাদিকে দেখুৱাইছে আদৰ্শ ৷ চৰকাৰী চাকৰিৰ পাচত দৌৰি হাবাথুৰি খাই অৱশেষত কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে সাংবাদিক গৰাকী ৷ আন দহজনৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে যুৱ সাংবাদিক গৰাকী ৷

নীল কমল নাথ
কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন বিলাসীপাৰাৰ সাংবাদিকৰ
author img

By

Published : Jun 25, 2020, 12:21 PM IST

পশ্চিম বিলাসীপাৰা, 25 জুন : বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পাইকানডাৰা 1 নং খণ্ড গাঁৱৰ বাসিন্দা নীল কমল নাথে দেখুৱাইছে স্বাৱলম্বিতাৰ উদাহৰণ ৷ 2007 চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নীল কমল নাথে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই বিফল হৈ পৰিছিল ৷ এজন সাংবাদিক হিচাপেও সেৱা আগবঢ়াই অহা নীলে অৱশেষত চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি কৃষি কৰ্মত মনোনিৱেশ কৰে ৷

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন বিলাসীপাৰাৰ সাংবাদিকৰ

নিজৰ ভূমিতে নিজা পদ্ধতিৰে শাক-পাচলিৰ লগতে ধান, মৰাপাট আৰু সৰিয়হ আদিৰ খেতি কৰাত মনোনিৱেশ কৰে যুৱ সাংবাদিক গৰাকীয়ে ৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ তৰফৰ পৰা কোনো সাহাৰ্য আগবঢ়োৱা নাই বুলি ক্ষোভেৰ প্ৰকাশ কৰে যুৱ কৃষক গৰাকীয়ে ৷ লগতে যুৱ কৃষক গৰাকীয়ে কয় যে,প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি,মুখ্যমন্ত্ৰী কৃষি সাঁ-সজুলি আঁচনিয়ে তেওঁক বৰ্তমানলৈকে ঢুকি পোৱা নাই |

যুৱকজনে অভিযোগ কৰে যে,চৰকাৰী কোনো আঁচনিয়ে গাঁওখনৰ প্ৰকৃত কৃষকক উপকৃত কৰিব পৰা নাই ৷ গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক জনমভূমি কাকতৰ বিলাসীপাৰাৰ স্থানীয় সাংবাদিক নীল কমল নাথে সম্পূৰ্ণ নিজা পদ্ধতিৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হৈছে ৷ এই গৰাকী যুৱ কৃষকে নৱ প্ৰজন্মৰ প্ৰতি এটাই আহ্বান জনাইছে চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি কৃষিকৰ্ম কৰি স্বাৱলম্বী হওক |

লগতে পঢ়ক : শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.