ধুবুৰী,2 এপ্ৰিল: নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজক লৈ দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি হোৱাৰ সময়তে ধুবুৰীৰ চাপৰৰ এখন ভিতৰুৱা গাঁওত ঝাৰখণ্ডৰ পৰা অহা এটা দহ জনীয়া পুৰুষ মহিলাৰ জামাতিৰ দলক লৈ চাঞ্চল্য ৷
ঘটনা অনুসৰি এই জামাতৰ দলটোত যোৱা 12 মাৰ্চত ঝাৰখণ্ডৰ কুৰদোৱাৰৰ পৰা দিল্লীলৈ যায় ৷ তাৰ পিছত 14 মাৰ্চত দিল্লীৰ পৰা ৰেল যোগে যাত্ৰা কৰি বিটিএডিৰ ফকিৰাগ্ৰাম ৰেল ষ্টেচনত নামে ৷ ষ্টেচনৰ পৰা জামাতিৰ দলটোৱে যোৱা 16 মাৰ্চ তাৰিখে চাপৰ কাজিপৰা মছজিদলৈ যায় ৷ প্ৰথমে চাপৰৰ কাজীপাৰা মছজিদত থকাৰ পিছত ঝাওকুৰা, খেলুৱা পাৰা, চান্দিৰ পাৰা আদি কেইবাটাও অঞ্চলত কেইবাজনো লোকৰ ঘৰত থাকে এই দলটো ৷ এনেতে দেশত লক ডাউন ঘোষণা হোৱাৰ পিছতেই স্থানীয় এজন লোকৰ ঘৰত আশ্ৰয় লৈছিল লোক কেইজনে ৷
সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত বুধবাৰে নিশা চাপৰৰ চান্দিৰপাৰা গাঁওৰ পৰা বিলাসীপাৰা মহকুমা প্ৰশাসনে লোক কেইজনক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্ক্ৰিনিং কৰে ৷ উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ পিছত দলটোক বিলাসীপাৰা বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইনত ৰখা হ'ব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে চিকিৎসকে জনোৱা মতে কোনো এজনৰ দেহতে ক'ৰণাৰ লক্ষণ লাভ কৰা নাই যদিওঁ চৈধ্য দিনৰ কোৱাৰেণ্টাইনৰ পিছতহে স্পষ্ট হব ৷
উল্লেখ্য যে জামাতি দলটোত আছে 5 জন পুৰুষ আৰু 5 গৰাকী মহিলা ৷ স্বামী-স্ত্ৰী মিলি দহজন পুৰুষ মহিলা থকা জামাতি দলটোক মা মুচতুৰাত জামাত বুলি কোৱা হয় ৷ য'ত স্বামী আৰু স্ত্ৰী দুয়োজনে থাকে ৷ ইয়াৰে পুৰুষ সকলে মছজিদত থকাৰ বিপৰীতে মহিলা সকলে ওচৰৰ কোনোবা এজনৰ ঘৰত থাকে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱা 600 লোকক মুকলি জম্মু-কাশ্মীৰত