ধুবুৰী,17 এপ্ৰিল: কৰণা মহামাৰীক প্ৰতিহত কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ 21 দিনীয়া লক ডাউনৰ পিছতে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ কিন্তু এই লক ডাউনৰ সময়খিনি কিছুমানৰ বাবে মূল্যহীন যদিও কিছুমানৰ বাবে এই সময় অতি মূল্যৱান সময় ৷ লক ডাউনত ঘৰতে আবদ্ধ হৈ থাকি এই সময়খিনিক অধিক গুৰুত্ব সহকাৰে লৈ ধুবুৰীৰ এজন উচ্চ শিক্ষিত যুৱকে প্ৰস্তুত কৰি উলিয়াইছে এক ইলেকট্ৰনিক যন্ত্ৰ ৷ যাৰ জৰিয়তে আপুনি বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা মণিটৰিং কৰিব পাৰিব আপোনাৰ ঘৰ খনক ৷ এই অসম্ভৱ কাৰ্যক সম্ভৱ কৰি তুলিছে ধুবুৰীৰ সাহিবুল আহমেদ নামৰ এজন উচ্চ শিক্ষিত যুৱকে ৷ উল্লেখ্য যে বৰ্ডৰ চুইছ নিটিপাকৈয়ে এই যন্ত্ৰৰ দ্বাৰা অন বা অফ কৰিব পৰা যাব ঘৰৰ সকলো লাইট,ফেন,টিভিকে ধৰি সকলো বৈদ্যুতিক যন্ত্ৰ ৷ আনকি এই যন্ত্ৰৰ দ্বাৰা দেশ তথা বিশ্বৰ যিকোনো স্থানৰ পৰাই মোবাইল ইণ্টাৰনেটৰ জৰিয়তে আপুনি মণিটৰিং কৰিব পাৰিব আপোনাৰ ঘৰখনক ৷

উল্লেখ্য যে শিক্ষাগত অৰ্হতা হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা 2017 বৰ্ষত কম্পিউটাৰ আই টি বিভাগত বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সৰুৰে পৰাই মেধাৱী যুৱকজনে ৷ ইয়াৰ পাছতে ৰিলায়েন্স কোম্পানীৰ (জিও ফাইবাৰ)এজন সহকাৰী প্ৰবন্ধক হিচাপে চাকৰিত যোগদান কৰিছিল ধুবুৰী চহৰৰ বাৰ নম্বৰ ৱাৰ্ডৰ সুভাষ নগৰ অঞ্চলৰ সাহজাহান আলী আহমেদৰ পুত্ৰ সাহিবুল আহমেদে ৷ বিগত দুবছৰ ধৰি এই প্ৰজেক্টৰ ওপৰত কাম কৰি থকা বুলি জনাই যুৱকজনে ৷ সময়ৰ অভাৱত সম্পন্ন কৰিব নোৱোৰা প্ৰজেক্টটোৰ কাম লক-ডাউনৰ সময়ছোৱাত আগবঢ়াবলৈ সুবিধা বুলি উল্লেখ কৰে সাহিবুলে ৷ এই লক ডাউনৰ সময়খিনি অপচয় নকৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি সাহিবুলে সম্পন্ন কৰিলে হোম অ'টমেচিন চিষ্টেম নামৰ প্ৰজেক্টটো ৷
ইপিনে পুত্ৰৰ এনে সাফল্যত উৎসাহী পিতৃ শ্বাহজাহান আলী আহমেদ ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত সাহজাহান আলী আহমেদে পুত্ৰৰ সাফল্যত ৰাইজৰ সহায়ৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে যুৱকজনৰ পিতৃয়ে ৷
লগতে পঢ়কঃ অতি শীঘ্ৰে ৰাজ্য জুৰি মথাউৰি মেৰামতিৰ কাম আৰম্ভ হ'বঃ মন্ত্ৰী কেশৱ মহন্ত