কামাৰদিহি, 3 মাৰ্চঃ মেঘালয় ৰাজ্যৰ ইছামতিত শ্ৰমিকৰ কাম কৰিবলৈ গৈ আৱদ্ধ বিলাসীপাৰাৰ কামাৰদিহি ১ম খণ্ড গাঁৱৰ ৭ জন শ্ৰমিক ৷ সম্প্ৰতি ৰাজ্য খনত অব্যাহত থকা আইন শৃংখলা জনিত কাৰণত সান্ধ্য আইনৰ বাবে আৱদ্ধ হৈ পৰিছে শ্ৰমিক কেইজন ৷ সম্প্ৰতি শংকিত হৈ পৰিছে শ্ৰমিক সকলৰ পৰিয়ালৰ লোক ৷
বিগত দুমাহ পূৰ্বে মেঘালয়ৰ ইছামতিৰ চূণ শিলৰ শ্ৰমিকৰ কাম কৰিবলৈ গৈছিল ছালামত আলী (৪৫),ৰফিক স্বেখ (৩০),গাজী ৰহমান (৪০),আৰফান আলী (৫২),মফিজুল হক(৩০), আজিদূৰ ৰহমান (২৯),হাফিজুৰ ৰহমান (৩২) আৰু ইমৰান খান নামৰ 7 গৰাকী শ্ৰমিক ৷ অসম চৰকাৰক তেওঁলোকক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ৷