ধুবুৰী, 6 ছেপ্তেম্বৰ : ধুবুৰী জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰে অংশ হিচাপে ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ প্ৰেক্ষাগৃহত জিলাখনৰ ৩২ গৰাকী কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় ৷
সভাত ভাষণ প্ৰসংগত উপায়ুক্ত আম্বামুথানে কয় যে, শিক্ষক হ’ল এখন সমাজৰ মূল স্তম্ভ ৷ সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ ভূমিকা থাকে শিক্ষকসকলৰ ৷ ইয়াৰ উপৰিও অনলাইন পাঠদানৰ প্ৰসংগত কৰ’ণা মহামাৰীৰ সময়ত হোৱা প্ৰযুক্তিগত পৰিৱৰ্তনৰ সময়তো শিক্ষক সমাজে লোৱা ভূমিকাৰ কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷ লগতে জিলাখনৰ শিক্ষক আৰু শিক্ষাখণ্ডৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ দিশত জিলাখনক আগবঢ়াই নিব বুলিও কয় উপায়ুক্ত আম্বামুথানে ৷
সমান্তৰালকৈ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ ভোলানাথ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে কয় যে, শিক্ষা অবিহনে কোনো এটা জাতি আগবাঢ়ি যাব নোৱাৰে ৷ সকলো জাতিৰ বাবে শিক্ষকসকল চিৰ নমস্য ৷
ভাৰতত পুৰণি কালৰে পৰা শিক্ষকৰ স্থান আন দেশতকৈ বহুত ওপৰত আছিল ৷ তাহানি কালৰে পৰা ভাৰতত গুৰুসকল সকলোৰে ওপৰত আছিল ৷ ৰজায়েও গুৰুক সমীহ কৰি চলিছিল ৷ নতুন শিক্ষানীতিক সঠিক ৰূপত কাৰ্যকৰী কৰিলে ১৫-২০ বছৰত ভাৰত বিশ্বগুৰুলৈ পৰিণত হ'ব বুলি মন্তব্য কৰি সকলো শিক্ষকক আঁচনিখন ৰূপায়ণত অন্তঃকৰণেৰে ব্ৰতী হ'বলৈ আহ্বান জনায় শিক্ষাবিদ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ৷
অনুষ্ঠানত শিক্ষক দিৱস উপলক্ষে 'গদাধৰ কবি চক্ৰ'ই প্ৰকাশ কৰা এখন কবিতা সংকলন উন্মোচন কৰা হয় ৷ দেওবাৰৰ এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া আৰু বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷
লগতে পঢ়ক : সোমবাৰৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ’ব আদালতৰ কাম-কাজ