ETV Bharat / state

বিলাসীপাৰাত আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক

গুৱাহাটীৰ পৰা অহা অপৰাধ শাখাৰ এটা দল আৰু চাপৰ আৰক্ষীয়ে পূৱ বিলাসীপাৰাৰ ৰঙামাটি অঞ্চলত অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ পুৰণি ৰেডিঅ' বিক্ৰীৰে ধন সৰকোৱাৰ অভিযোগত লোক কেইজনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

author img

By

Published : Oct 25, 2020, 7:26 PM IST

আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক
আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক

বিলাসীপাৰা, 25 অক্টোবৰ: পুৰণি ৰেডিঅ' বিক্ৰীৰে ধন সৰকোৱাৰ অভিযোগত চাপৰত তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গুৱাহাটীৰ পৰা অহা অপৰাধ শাখাৰ এটা দল আৰু চাপৰ আৰক্ষীয়ে পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি অঞ্চলৰ কেইবাটাও ঘৰত তালাচী চলাই লোক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ নাম ৰফিক আলি শ্বেখ, কাজিবৰ ৰহমান আৰু আদম আলী বুলি জানিব পৰা গৈছে ৷

বিলাসীপাৰাত আৰক্ষীৰ জালত তিনি প্ৰবঞ্চক

তদন্তৰ খাতিৰত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ তথ্য প্ৰদান কৰা নাই যদিও, অভিযুক্ত কেইজনে পুৰণি ৰেডিঅ' এটা মডিফাই কৰি নিৰ্মাণ কৰা ডিভাইচ' এটা বৰপেটাৰ এজন লোকক ৮০ হাজাৰ টকাত বিক্ৰীৰ যো-জা চলাইছিল ৷ জানিব পৰা মতে, ডিভাইচটোৱে পলকতে সোণ-ৰূপ গলোৱাৰ লগতে দূৰ নিয়ন্ত্ৰিত পদ্ধতিৰে কোনো লোকক হত্যা কৰিব পাৰিব বুলি কৈ চক্ৰটোৱে বৰপেটাৰ লোকজনৰ পৰা কোটি টকা সৰকাবলৈ গৈ আৰক্ষীৰ জালত পৰে ৷ সম্প্ৰতি চাপৰ আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত লোক তিনিজন ৷

পুৰণি ৰেডিঅ' বিক্ৰীৰে ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় লোক কেইজন

লগতে পঢ়ক: মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.