ETV Bharat / state

ধুবুৰীত মুঠ ২৯৫১ গৰাকীক কোৱাৰেণ্টাইন ! - 2951 persons quarantine in Dhubri

কৰ'ণা ভাইৰাছৰ সজাগতাৰ বাবে ধুবুৰী জিলাত কোৱাৰেণ্টাইন কৰা হৈছে মুঠ ২৯৫১ জনক। কৰ'ণা ভাইৰাছৰ COVID-১৯ত দুজনকৈ লোক আক্ৰান্ত হোৱাৰ পিচত তৎপৰ জিলা স্বাস্থ্যবিভাগ। জিলা খনত আছে ১৬০ খন আইছলেচন বেডৰ ব্যৱস্থা ।

2951 persons quarantine in Dhubri
2951 persons quarantine in Dhubri
author img

By

Published : Apr 10, 2020, 8:56 PM IST

ধুবুৰী, 10 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ COVID-১৯ অথবা কৰ'ণা ভাইৰাছে ৰাজ্যত ক্ৰমাৎ কালৰূপ ধাৰণ কৰাৰ সময়তে ধুবুৰী জিলাত এতিয়ালৈ দুজনকৈ লোক আক্ৰান্ত হৈছে COVID-১৯ ত। যাৰ ফলত তৎপৰ হৈ পৰিছে ধুবুৰী জিলা স্বাস্থ্য বিভাগ। জিলা খনত এতিয়ালৈকে ২৯৫১ গৰাকী লোকক কোৱাৰেণ্টাইন কৰা হৈছে বুলি ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত উল্লেখ কৰিছে জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাই । জিলা খনৰ পৰা এতিয়ালৈকে ১২২ টা নমুনা পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে দুটা নমুনাত COVID-19 চিনাক্ত হোৱাৰ বিপৰীতে ৮৫ টা নমুনাত COVID19 চিনাক্ত হোৱা নাই ৷ এতিয়ালৈকে ৩৪ টা নমুনাৰ ফলাফল পোৱা হোৱা নাই বুলিও উল্লেখ কৰে যুটীয়া সঞ্চালক গৰাকীয়ে।

আনহাতে জিলা খনত এতিয়ালৈকে ধুবুৰী জিলাখনৰ চিকিৎসালয়ত ১৬০ খন আইছলেচন বেড সাজু কৰি ৰখা আছে বুলি উল্লেখ কৰে যুটীয়া সঞ্চালক গৰাকীয়ে। ইপিনে কৰ'ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি কৈ যোৱা পাঁচ দিনৰ পৰা বৰপেটা মেডিকেল কলেজৰ পাঁচ জনীয়া প্ৰশিক্ষকৰ দল এটাই ধুবুৰীৰ চিকিৎসক-নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলক প্ৰশিক্ষণ দি আছে বুলি জানিবলৈ দিয়ে যুটীয়া সঞ্চালকগৰাকীয়ে ৷ পুনৰ অনাগত দিনত চাৰিজনীয়া আন এটা প্ৰশিক্ষকৰ দল আহিব বুলি উল্লেখ কৰে ডাঃ ইমদাদ উল্লাই।

ইপিনে ধুবুৰীৰ বিলাসীপাৰাৰ চাপৰৰ উলামাপাৰাৰ এজন ষাঠিৰ উৰ্ধৰ ব্যক্তি COVID-১৯ত আক্ৰান্ত হোৱাৰ এদিন পিছতেই পুনৰ বিলাসীপাৰাৰ হাকামা অঞ্চলৰ এজন ৩৮ বছৰীয়া লোক আক্ৰান্ত হোৱাত তৎপৰ হৈ পৰিছে জিলা স্বাস্থ্য বিভাগ। ইতিমধ্যে জিলা খনৰ পৰা COVID-19ত আক্ৰান্ত হোৱা প্ৰথম আৰু দ্বিতীয় জন ব্যক্তিৰ ভ্ৰমণসূচীৰ তথ্য উলিয়াই দুয়োৰে সৈতে সংস্পৰ্শলৈ অহা লোক সকলৰ অনুসন্ধান আৰম্ভ কৰিছে জিলা প্ৰশাসনে। প্ৰথম জনৰ সৈতে সংস্পৰ্শলৈ অহা তেওঁৰ পৰিয়াল সহ পঞ্চাশ জনক কোৱাৰেণ্টাইন কৰি নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰ লৈ প্ৰেৰণ কৰাত তাৰ পৰা এজনলৈ বীজাণু সংক্ৰমণৰ ফলাফল ওলাইছে। COVID-১৯ ত আক্ৰান্ত হোৱা দ্বিতীয় জন ব্যক্তিক গুৱাহাটীৰ এম এম চি এইছলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ব্যক্তি গৰাকীৰে সংস্পৰ্শলৈ অহা তেওঁৰ পৰিয়াল সহ ১১ জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে ৷ তাৰোপৰি আটাইকেইজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হ'ব বুলি উল্লেখ কৰে যুটীয়া সঞ্চালক গৰাকীয়ে ।

ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ডাঃ এছ এম ইমদাদ উল্লা
উল্লেখযোগ্য যে, জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো মন্তব্য প্ৰদান কৰিব বিচৰা নাই যদিও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰ'ণাত আক্ৰান্ত হোৱা জিলা খনৰ দুই গৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোক সকলৰ অনুসন্ধান কিদৰে চলায় সেয়াই হ'ব লক্ষণীয় বিষয়।লগতে পঢ়ক : লক ডাউনৰ মাজতেই গুৱাহাটীৰ যান-বাহনৰ নতুন নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.