ETV Bharat / state

প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীত এলবাম উন্মোচন - 'প্ৰতিমাঞ্জলি' নামৰ এলবাম উন্মোচন

শুকুৰবাৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ এই দিনটোৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় এখনি এলবাম ৷

এলবাম উন্মোচন
প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী
author img

By

Published : Dec 27, 2019, 11:20 AM IST

পশ্চিম বিলাসীপাৰা, 27 ডিচেম্বৰ : শুকুৰবাৰে হস্তীৰ কন্যাখ্যাত পদ্মশ্ৰী সন্মানপ্ৰাপ্ত প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশ্ববিখ্যাত শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি শিল্পীগৰাকীৰ কেইবাটাও কালজয়ী গীতক ন ৰূপত সজাই তুলি উন্মোচন কৰা হয় 'প্ৰতিমাঞ্জলি' নামৰ এখনি এলবাম ৷ বৃহস্পতিবাৰে বিয়লি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত এলবামখনৰ শুভ উন্মোচন কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী কল্পনা পাটোৱাৰীয়ে | প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮ টাকৈ কালজয়ী গোৱালপৰীয়া লোকগীতক ন ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে এলবামটিত কন্ঠ নিগৰাইছে কল্পনা পাটোৱাৰীয়ে ৷

প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী

কোচ ৰাজবংশী ভাষাৰ সুৰত কন্ঠদান কৰা গীতৰ এলবামটিয়ে শ্ৰোতা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰিছে শিল্পী পাটোৱাৰীয়ে | আনহাতে, এই এলবামটিৰ পৰিচালনা তথা সংগীত পৰিচালনা নিজৰ বুলি জানিবলৈ দিয়ে পাটোৱাৰীয়ে ৷ কোচ ৰাজবংশী সাংস্কৃতিক সমিতিৰ বিলাসীপাৰা জিলা সমিতিয়ে আয়োজন কৰা এই শুভ উন্মোচনী সভাত উপস্থিত থাকে সমিতিৰ জিলা পৰ্যায়ৰ নেতৃবৃন্দৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ | উন্মোচনী সভাত এলবামখনৰ গীতো পৰিৱেশন কৰে শিল্পী কল্পনা পাটোৱাৰীয়ে |

আৰু পঢ়ক : কোকৰাঝাৰত কে এল অৰ শ্বহীদ দিৱস উদযাপন

Intro:Slug:Bilasipara.Kalpana Patowary,
Date - 27/12/19
Anchor - আজি হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী | বিশ্ব খ্যাত শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি শিল্পী গৰাকীৰ কেইটা মান কালজয়ী গীতক পুনৰ ন ৰূপত সজাই তোলা এলবাম "প্ৰতিমাঞ্জলি"ৰ শুভ উন্মোচন কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী কল্পনা পাটোৱাৰীয়ে | Body:বৃহস্পতিবাৰে বিয়লি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত শুভ উন্মোচন কৰা এলবাম "প্ৰতিমাঞ্জলি"ত হস্তীৰ কন্যাৰ ৮ টা কৈ কালজয়ী গোৱালপৰীয়া লোকগীতত ন কৈ কন্ঠদান কৰিছে আন্তৰ্জাতিক শিল্পী কল্পনা পাটোৱাৰীয়ে | কোচ ৰাজবংশী ভাষাৰ সুৰত কন্ঠদান কৰা গীতৰ এলবাম খনে শ্ৰোতা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰিছে শিল্পী পাটোৱাৰীয়ে | কল্পনা পাটোৱাৰীয়ে পৰিচলনা কৰা এলবাম খনত সংগীত পৰিচালনাও শিল্পী গৰাকীৰ নিজৰে বুলি জানিব দিয়ে পাটোৱাৰীয়ে | কোচ ৰাজবংশী কালচাৰেল ছোচাইটিৰ বিলাসীপাৰা জিলা সমিতিয়ে আয়োজন কৰা এই শুভ উন্মোচনী সভাত উপস্থিত থাকে ছোচাইটিৰ জিলা পৰ্য্যায়ৰ নেতৃবৃন্দৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ | উন্মোচনী সভাত এলবাম খনৰ গীতো পৰিবেশন কৰে শিল্পী পাটোৱাৰীয়ে |
Conclusion:Byte 1a+1b কল্পনা পাটোৱাৰী,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.