ETV Bharat / state

জোনাইৰ বেৰাচাপৰিৰ খহনীয়াগ্ৰস্ত অঞ্চলত যুৱকৰ শ্ৰমদান

জোনাইত বানৰ পিছত চিয়াং নৈৰ খহনীয়াই নৈ পৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ বিগত বানত চিয়া আৰু লালী নদীয়ে মলভোগ অঞ্চলত মথাউৰি চিঙি পেলোৱাৰ লগতে বেৰা চাপৰি অঞ্চলত মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে ৷ জোনাইৰ কেবাজনো সচেতন যুৱকে উপস্থিত হয় খহনীয়া গ্ৰস্ত ৰাইজৰ লগত আলোচনা কৰাৰ লগতে উক্ত স্থানত ৰাইজৰ সৈতে শ্ৰমদান কৰে ৷

জোনাইৰ বেৰাচাপৰিৰ খহনীয়াগ্ৰস্ত অঞ্চলত যুৱকৰ শ্ৰমদান
author img

By

Published : Jul 26, 2019, 11:54 PM IST

জোনাই,26 জুলাইঃ জোনাইত চিয়াং নদীৰ বান আৰু খহনীয়াই যেন ভূতৰ ওপৰত দানহ পৰাদি বিলাই-বিপত্তি মাতি আনিছে নৈৰ পাৰত অৱস্থিত গাঁৱ আৰু নৈপৰীয়াৰ জীৱনলৈ ৷ বিগত বানত চিয়াং আৰু লালী নদীৰ বানে মলভোগ অঞ্চলত মথাউৰি চিঙি পেলোৱাৰ লগতে বেৰা চাপৰি অঞ্চলত তীব্ৰ খহনীয়া সৃষ্টি কৰিছিল ৷ চিয়াং-লালী নদীৰ এনে ভয়াবহাৰ প্ৰতি লক্ষ্য ৰাখি গঞা ৰাইজৰ সেৱাৰ্থে মানৱতাৰ বৃহত্তৰ স্বাৰ্থত বৃহস্পতিবাৰে জোনাইৰ কেবাজনো সচেতন যুৱক চিয়াং-লালীৰ খহনীয়াগ্ৰস্ত স্থানত উপস্থিত হৈ পীড়িত ৰাইজৰ সৈতে একেলগে শ্ৰমদান কৰে ৷ জোনাইৰ গৌতম পেগু, দিপাঙ্কৰ কাশ্যপ, হোমেন পেগু, গুনকান্ত পেগু, গিৰিশ দেউৰী, হিতেশ কুলি, দেনিয়েল কুম্বাং, সুনিত টায়ে আদিকে প্ৰমুখ্য কৰি কেবাজনো যুৱকে খহনীয়া গ্ৰস্ত ৰাইজ সৈতে শ্ৰমদানৰ কৰাৰ লগতে উক্ত মথাউৰি মেৰামতি কৰাৰ বাবে উমৈহতীয়াভাৱে কিঞ্চিত আৰ্থিক সহায় আগবঢ়াই ৷ যুৱক কেইজনৰ এনে প্ৰচেষ্টা নিশ্চিতভাৱে প্ৰশংসনীয় বুলি স্থানীয় ৰাইজে অভিহিত কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ৷

ETV BHARAT ASSAM

Intro:nullBody:

জোনাইত বেৰা চাপৰিত চিয়াং নদীৰ ভয়ংকৰ খহনীয়া অব্যাহত/বেৰাচাপৰিৰ খহনীয়াগ্ৰস্ত অঞ্চলত যুৱকৰ শ্ৰমদান আৰু সাৰ্হায্য

নিয়মীয়াবাৰ্তা, জোনাই ২৬ জুলাই

জোনাইত বানৰ পিছত চিয়াং নৈৰ খহনীয়াই নৈ পৰীয়া কেবাখনো গাৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ যোৱাটো বানত চিয়া আৰু লালী নদীয়ে মলভোগ অঞ্চলত মথাউৰি চিঙি পেলোৱাৰ লগতে বেৰা চাপৰি অঞ্চলত মথাউৰিত তীব্ৰ খহনীয়া সৃষ্টি পৰে৷ পানীৰ পৰিমান কিছু কমি অহাত চিয়া লালী নদীৰ খহনীয়া আৰু বেছি ভয়াবহ ৰূপ লয়৷ চিয়া লালীৰ খহনীয়াত বেৰা বেঙ্গলী অঞ্চলৰ মথাউৰি এটুকুৰা খহাই পেলোৱাত প্ৰায় ২০ ঘৰৰো অধিক পৰিয়ালে নিজা ঘৰ বাৰী এৰি মথাউৰিৰ ওপৰত আশ্ৰয় লব লগা হৈছে৷ চিয়া আৰু লালী নদীৰ খহনীয়াই ইমানে ভয়াবহ হৈছে যে দৈনিক নৈ খনে প্ৰায় ৫০ ফুট পৰ্যন্ত মাটি খহাই আহিছে যাৰ ফলত জোনাই ৰাজহ চক্ৰৰ বেৰা চাপৰি, বেৰা বেঙ্গলী , মিলন তীৰ্থ ৰাভা কাঠনি আদি কেবাখনো গাওঁৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে৷ চিয়াঙ আৰু লালী এনে খহনীয়াত প্ৰতি লক্ষ্য ৰাখি গাৱঁৰ ৰাইজে দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰিছে৷ ইফালে মিচিং স্বায়ত্ত্ব পৰিষদৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে দিনে নিশাই উক্ত খহনীয়া গ্ৰস্ত অঞ্চলত উপস্থিত হয় খহনীয়া ৰোধ কৰাৰ বাবে বাহঁৰ লগতে বালি বস্হাৰে পাৰ্কুপাইনৰ ব্যৱস্থা কাৰা লগতে নিজে তদাৰক কৰিছে৷ চিয়াঙ লালীৰ খহনীয়া গ্ৰস্ত স্হানত যোবা কালি জোনাইৰ কেবাজনো সচেডা° যুৱকে উপস্থিত হয় খহনীয়া গ্ৰস্ত ৰাইজৰ লগত আলোচনা কৰাৰ লগতে উক্ত স্হানত ৰাইজৰ সতে শ্ৰমদান কৰে৷ জোনাইৰ গৌতম পেগু, দিপাঙ্কৰ কাশ্যপ, হোমেন পেগু, গুনকান্ত পেগু, গিৰিশ দেউৰী, হিতেশ কুলি, দেনিয়েল কুম্বাং, সুনিত টায়ে আদি কেবাজনো যুৱকে খহনীয়া গ্ৰস্ত ৰাইজ সতে শ্ৰমদানৰ কৰাৰ লগতে উক্ত মথিউৰি মেৰামতি কৰাৰ বাবে কিঞ্চিত আৰ্থিক সহায় আগবঢ়ায়৷ যুৱক কেইজনৰ এনে প্ৰচেষ্টাক স্হানীয় ৰাইজে শলাগ প্ৰশংসা কৰাৰ উপৰিও ধন্যবাদ জনায়৷

কৰবী দলে জোনাই

Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.