ধেমাজি, 19 এপ্ৰিলঃ ধেমাজিত চেনিটাইজাৰ,মাস্ক অবিহনেই কামত নিয়োজিত মালবাহী ৰে'লত কৰ্মৰত শ্ৰমিকসকল । জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে মালবাহী ৰে'লত কৰ্মৰত শ্ৰমিকসকলে ।
সমগ্ৰ বিশ্বতেই কৰ'ণাৰ ভাইৰাছৰ আতংকৰ লগতে লক ডাউন অব্যাহত আছে । চৌদিশে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যাপক প্ৰচাৰ আৰু সজাগতা গঢ়ি তোলাৰ সময়তে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে ধেমাজি ৰেলৱে ষ্টেচনত মালবাহী ৰে'লত কৰ্মৰত শ্ৰমিকসকল । কাৰণ দৈনিক শতাধিক শ্ৰমিকে মাস্ক ব্যৱহাৰ নকৰাকৈয়ে কাম কৰি আহিছে । সেইদৰে বীজাণু মুক্ত কৰাৰ বাবে কোনো চেনিটাইজাৰ,চাবোন আৰু বিশুদ্ধ পানীৰ ব্যৱস্থা নাই ।
উল্লেখ্য যে,পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা অহা মালবাহী ৰে'লৰ ডবাসমূহত উঠি কাম কৰিবলগীয়া হোৱাৰ বাবে উদ্বিগ্ন হৈ পৰিছে ধেমাজি জিলাৰ শ্ৰমিকসকল ।জিলাখনৰ শ্ৰমিক ইউনিয়নৰ সভাপতি ডাৰেণ্ট দৈমাৰীয়ে জনোৱা মতে কৰ'ণা সজাগতাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰে'ল শ্ৰমিকসকল তিলমানো উপকৃত নোহোৱাৰ উপৰিও লাভ কৰা নাই বিশেষ কোনো সা-সুবিধা । ইপিনে এই দুৰ্যোগৰ সময়ত সংশ্লিষ্ট বিভাগৰ নিৰ্দেশ মতে মালবাহী ৰে'লৰ পৰা চাউল নমোৱা কাম অব্যাহত ৰাখিছে যদিও শ্ৰমিকসকলৰ নিৰাপত্তাৰ বাবে ধেমাজি জিলা প্ৰশাসনে অথবা ৰে'ল কৰ্তৃপক্ষই মাস্ক,চেনিটাইজাৰ আৰু খোৱা পানী একোৱে যোগান নধৰাৰ অভিযোগ তুলিছে শ্ৰমিক সকলে। যাৰ ফলত ভয়-শংকাৰ মাজতে শ্ৰমিকসকলে কাম কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে ইউনিয়নৰ সভাপতিগৰাকীয়ে ।