জোনাই,২৮ অক্টোবৰ: সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে গোৰ্খা জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া(Bhai Fota celebrated in Assam) । গোর্খা জনগোষ্ঠীয় লোকসকলৰ অতিকৈ আপোন আৰু পৱিত্ৰ বুলি গণ্য কৰা ভাতৃ দ্বিতীয়া জোনাইৰ লক্ষী নেপালি বস্তিতো পালন কৰে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে(Bhai Fota celebrated in Jonai) । শুক্লপক্ষৰ দ্বিতীয়া দিনা পালন কৰা ভাতৃ দ্বিতীয়াত ভাই দোচ বা ভাই টিকা উৎসৱত ভাতৃ-ভগ্নীৰ মাজত থকা মৰমৰ এনাজৰী সুদৃঢ় কৰি ৰাখে এই উৎসৱে ।
ভগ্নীৰ হাতৰ পৰা ৰক্ষাকবচস্বৰূপ এটা ফোট লবলৈ দূৰদূৰণিৰ থকা ভগ্নীৰ গৃহলৈ যোৱা ভাতৃক ভগ্নীয়ে পূজা-অৰ্চনা কৰি ফোট আৰু মালা পিন্ধাই কামনা কৰে ভাতৃৰ সুস্বাস্থ্য । ভাতৃ-ভগ্নীৰ মাজত থকা এই মৰম স্নেহ, আবেগ-অনুভুতিৰ বাবেই এই উৎসৱে বিশেষ তাৎপর্য বহন কৰিছে জনগোষ্ঠীটোৰ লোক সংস্কৃতিত(Bhatri dwitiya Festeval of Nepalese) । এই মহানতাৰ বাবেই ভাতৃ দ্বিতীয়াৰ দিনা প্ৰতিজন গোর্খা লোকসকলৰ গৃহত এই উৎসৱ আয়োজন কৰা হয় উলহ মালহেৰে ।
ধেমাজি জিলাৰ জোনাইৰ গোৰ্খা জনবসতি অঞ্চল লক্ষী নেপালী বস্তিতো বৃহস্পতিবাৰৰ পুৱাৰে পৰা ভাতৃ দ্বিতীয়াক লৈ ঘৰে ঘৰে দেখা গল উখল-মাখল পৰিৱেশৰ । ইফালে বৃহস্পতিবাৰৰ সন্ধিয়ালৈ লক্ষী নেপালী বস্তিৰ গোৰ্খা যুৱক-যুৱতী আৰু মহিলাসকলে ঘৰে ঘৰে দেউচী নৃত্য কৰি আনন্দত মতলিয়া হৈ পৰে(Bhatri dwitiya celebrated in Assam) ।
উল্লেখ্য, ভাতৃ দ্বিতীয়া অৰ্থাৎ ভাই ফোঁটা হৈছে গোৰ্খা সম্প্ৰদায়ৰ ৰাইজৰ অন্যতম উৎসৱ । দেৱালীৰ অমাৱস্যাৰ পাছত পঞ্চমীৰ দিনা এই উৎসৱ উদযাপন কৰা হয় । নেপালী সম্প্ৰদায়ৰ মহিলাসকলে এই দিনটোত নিজৰ ককায়েক বা ভায়েকসকলক বিশেষভাৱে পূজা কৰাৰ এক পৰম্পৰা আছে । ভাতৃসকলক ফোঁট অৰ্থাৎ শিৰত তিলক লগাই তেওঁলোকৰ মংগল কামনা কৰে । লগতে ভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰৰো আয়োজন কৰা হয় আৰু আলহী অতিথিক আতিথ্য প্ৰদান কৰা হয় ।
লগতে পঢ়ক: Nipon Goswami death: ধুবুৰী আৰু ডিব্ৰুগড়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান