ETV Bharat / state

Chang Ghar in Assam: চাংঘৰ; অসমৰ এটি চিনাকি আৰু মৰমলগা চিন - চাংঘৰ সাজি পৰ্যটকক আকৰ্ষিত কৰা

অসমৰ মিচিং আৰু দেউৰী আদিম জনজাতিসকলৰ বাবে চাংঘৰ হৈছে স্বাভিমানৰ প্ৰতীক ৷ মিচিং-দেউৰী নিজস্ব পৰিচয় আৰু ঐতিহ্য বহন কৰি আহিছে এই চাংঘৰে ৷ চাংঘৰত লুকাই আছে সুকীয়া আমেজ আৰু মাদকতা ৷ চাংঘৰৰ আছে গুৰুত্বও ৷

Chang Ghar in Assam
চাংঘৰ হৈছে স্বাভিমানৰ প্ৰতীক
author img

By

Published : Aug 13, 2023, 7:22 PM IST

অসমৰ এটি চিনাকি আৰু মৰমলগা চিন চাংঘৰ

জোনাই, 13 আগষ্ট : চাংঘৰ, অসমৰ এটি চিনাকি আৰু মৰমলগা চিন ৷ নৈৰ পাৰৰ ভূমিৰ সেমেকা আৰু পানীত ডুবি থকাৰ বাবে এই অঞ্চলসমূহত মাটি ঘৰৰ তুলনাত চাংঘৰৰ উপযোগীতা অধিক বেছি । এনে কাৰণতে অসমৰ নৈপৰীয়া অঞ্চলত বসবাস কৰা মিচিং আৰু দেউৰী জনজাতীয় লোকসকলে সাধাৰণতে চাংঘৰ সাজি বসবাস কৰে ।

বিশেষকৈ বাৰিষা কালত সৃষ্টি হোৱা বাঢ়নি পানীৰ পৰা ৰক্ষা পাবলৈ নৈপৰীয়া অঞ্চলত বাস কৰা লোকে চাংঘৰত বাস কৰে । নৈৰ পাৰৰ ভূমিৰ সেমেকা আৰু পানীত ডুবি থকাৰ বাবে এই অঞ্চলসমূহত মাটি ঘৰৰ তুলনাত চাংঘৰৰ উপযোগীতা অধিক বেছি । এনে কাৰণতে অসমৰ নৈপৰীয়া অঞ্চলত বসবাস কৰা মিচিং আৰু দেউৰী জনজাতীয় লোকসকলে সাধাৰণতে চাংঘৰ সাজি বসবাস কৰে ।

বৰ্তমান সময়ত চাংঘৰ একপ্ৰকাৰ গ্লেমাৰ হৈ পৰিছে । হোটেল, ৰেষ্টোৰেণ্ট বা ধাবাসমূহত চাংঘৰ সাজি পৰ্যটকক আকৰ্ষিত কৰা দেখা যায় । মিচিং আৰু দেউৰীসকলৰ চাংঘৰৰ আৰ্হিত চাংঘৰ সাজি ব্যৱসায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে । অসমৰ মিচিং আৰু দেউৰীসকলৰ সংস্কৃতিৰ হৈছে চাংঘৰ ।

আদিম যুগৰ পৰা মিচিং আৰু দেউৰীসকলে সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বসবাস কৰি আহিছে । চাংঘৰৰ বেৰসমূহ বাঁহৰ গাধৈ নাইবা ইকৰা খাগৰিৰে বৈ দিয়া । এই বেৰবোৰ মাটিৰে নিলিপে । তাৰ কাৰণ সহজতে ঘৰৰ ভিতৰলৈ পোহৰ আৰু সূৰ্যৰ ৰশ্মি সোমাই আহে ৷ সেয়ে ভিতৰখন যথেষ্ট পোহৰ হৈ থাকে ।

লগতে সূৰ্যৰ ৰশ্মিয়ে বীজাণু নাশ কৰি ভিতৰখন স্বস্থ্যসন্মত কৰি ৰাখে । ৰন্ধা-বঢ়াৰ কামো চাঙৰ ওপৰতে কৰে । তাৰ কাৰণে বিজ্ঞানসন্মতভাৱে এডোখৰ জুইশাল তৈয়াৰ কৰি লয় । জুইশালক মিচিং সকলে ‘মেঃৰাম’ বুলি কয় । এই জুইশাল বা মেঃৰামৰ কাষতে পৰিয়ালৰ মূল ব্যক্তিসকলে শুৱে ।

ঘৰটোৰ পুতলেদি ঠিক সোঁমাজত পৰা কৰি 5/6 বৰ্গফুট বহল আৰু 6 ইঞ্চিমান উচ্চতাৰ কাঠৰ ফ্ৰেম এটা বনাই স্থাপন কৰা হয় । তাৰ পিচত সেই ঠাইখিনি চাফা মাটিৰে পূৰ কৰি ভালকৈ লিপি-মচি লোৱা হয় । তৰ ওপৰতে উধান পাতি বা চৌকা সাজি জুই জ্বলায় আৰু ৰন্ধা-বঢ়া কৰে ।

মেঃৰাম অতি পবিত্ৰ​ ঠাই । ইয়াৰ ওপৰত কোনোৱে ভৰি নুঠায় । উঠালে অপবিত্ৰ হৈ যাব বুলি মিচিংসকলে বিশ্বাস কৰে । ইয়াৰে মিচিং জনগোষ্ঠী লোকসকলে ঘৰবিলাক পৰাপক্ষত উত্তৰ-দক্ষিণ মুৱাকৈ সাজে । ঠাই বা আন ধৰণৰ অসুবিধা হ’লেহে পূৱা-পশ্চিমাকৈ সজে৷ মিচিংসকলৰ চাংঘৰবোৰত চ’ৰাঘৰ, বাৰান্দা আদিৰ ব্যৱস্থা আছে । ঘৰটোৰ আগপিনে আৰু পাচফালে চাঙৰেই প্ৰায় 8/10 ফুটৰ বাৰান্দা থাকে ।

সাধাৰণতে মাটিৰ বাৰান্দাত ঢেঁকীশাল অৰ্থাৎ কিপাৰ থাকে । আলহী-অতিথি আহিলে প্ৰথমে চাং বাৰান্দাত বহুওৱা হয় । তদুপৰি আজৰি সময়ত জিৰাবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয় । পিচপিনৰ চাংবাৰান্দাখন গৃহস্থৰ মূল মানুহহালৰ আছুতীয়া স্থান । সাধাৰণতে ঘৰৰ বুঢ়া-বুঢ়ী হালে নাতি-নাতিনীক লৈ তাত উমলি হাঁহি-ধেমালীৰে সময় কটায় ।

প্ৰথম কথা হ’ল- এই ঘৰবোৰ স্বাস্থ্যসন্মত ৷ কাৰণ তাত ধুনীয়াকৈ সূৰ্যৰ ৰশ্মি আৰু পোহৰ সোমায় । দ্বিতীয়তে, ওখ চাং হোৱা বাবে নদীৰ লেতেৰা বোকা-পানী, জাৱৰ-জোঁথৰ আৰু মানুহক অন্যায় কৰিব পৰা দূষিত গেছ প্ৰৱেশ কৰিব নোৱাৰে ৷ উল্লেখযোগ্য যে, অসমৰ মাটি জলবায়ু সেমেকা সেই ক্ষেত্ৰত চাংঘৰ বিজ্ঞানসন্মত এনেবোৰ ভিত্তিৰ বাবেই কিজানি পৰৱৰ্তী কালত বৃটিছসকলেও চাংবাংলোৰ ব্যৱস্থা কৰিছিল ।

ইয়াৰ উপৰিও চাংঘৰ সাজি বসবাস কৰিলে চাঙৰ তলত হাঁহ, কুকুৰা, ছাগলী আদি বহু পহুধনৰ লগতে বয়ন শিল্পত পাকৈত মিচিং বোৱাৰী জীয়ৰীসকলে চাঙৰ তলতে শাৰী শাৰীকৈ বহি নানা ফুলৰ মেখেলা চাদৰ বয় উলিওৱাৰ সুবিধা লাভ কৰাও অন্যতম ।

অসমৰ ভৈয়াম জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতীয় জনগোষ্ঠী হৈছে মিচিং । মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত । মিচিংসকলে আদিতে অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰত বসবাস কৰিছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা ‘মিয়ং’ আৰু ‘দাম্ৰ’ নামৰ দুই জাতিৰ পৰাই উৎপত্তি হৈছে বুলি জনা যায় ।

উল্লেখযোগ্য যে, অসমৰে ধেমাজি,তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, দৰং, শোণিতপুৰ আদি জিলাত মিচিংসকলে প্ৰধানকৈ বসবাস কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃপ্ৰোত ভাৱে জড়িত ৷

লগতে পঢ়ক : SBKF 8th international games : অষ্টম SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত তিনিটা সোণেৰে উজলিল বীণা বৰকটকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.