জোনাই, ১৩ জুনঃ হোম কোৱাৰেন্টাইনত থকা দুজনৰ শৰীৰত COVID-19ৰ উপস্থিতি ধৰা পৰাক লৈ আতংকিত হৈ পৰিছে জোনাইৰ ৰাইজ ৷ জোনাই মহকুমাৰ ২ নং মূৰ্কংচেলেক (ৰিফিউজি কেম্প)ত হোম কোৱাৰেন্টাইনত থকা 38 বছৰীয়া ফাতেমা (হাকিমা) খাতুন আৰু আৰু 24 বছৰীয়া আৰিমৰা গাঁৱৰ কনকলতা কুলি নামৰ দুগৰাকী মহিলাৰ শৰীৰত covid-19ৰোগৰ অৱস্থিতি পোৱা গৈছে ৷
উল্লেখ্য যে,ফাতেমা (হাকিমা) খাতুন নামৰ মহিলাগৰাকী কেৰালাৰ পৰা আৰু কণকলতা কুলি মুম্বাইৰ পৰা আহিছিল ৷ ধেমাজিত মহিলা দুগৰাকীৰ স্বাৱ সংগ্ৰহ কৰি ৯ জুনত হোম কোৱাৰেন্টাইনত পঠাইছিল জোনাইৰ নিজ ঘৰলৈ ৷ শনিবাৰে পৰীক্ষাৰ ৰিপৰ্টত দুয়োগৰাকীৰ দেহত covid-19ৰ অৱস্থিতি ধৰা পৰে ৷
ইফালে ফাতেমা খাতুন মহিলা গৰাকীৰ স্বামী ফকুৰুল ইছলামৰ বিৰুদ্ধে দিয়া এক গোচৰ অনুযায়ী শুকুৰবাৰে ফকৰুল ইছলামক জোনাই আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ অধিক শংকাৰ বিষয় হৈ পৰিছে ৷ ইতিমধ্যে covid-19ত আক্ৰান্ত ফাতেমা খাতুনৰ লগত সম্পৰ্ক থকা ৮ জনৰ স্বাস্থ্য পৰীক্ষা কৰিছে জোনাইৰ স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে,জোনাইত বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ধেমাজি জিলাত কৰ'ণাত আক্ৰান্তৰ সংখ্যা মুঠ ৯০ জনলৈ বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে COVID-19ত আক্ৰান্ত দুয়োগৰাকীকে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃপশ্চিম কাৰ্বিআংলঙত পুনৰ 31 গৰাকী লোক আক্ৰান্ত COVID-19ত