ETV Bharat / state

জোনাইত নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক

জোনাইত দিনক দিনে বৃদ্ধি পাই আহিছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ বৃহস্পতিবাৰে জোনাই মহকুমাৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ সমীপৰ লক্ষীনেপালী বস্তিত স্থানীয় ৰাইজে নিষিদ্ধ ড্ৰাগছসহ দুজন যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ।

Two arrested in Jonai with banned drugs
জোনাইত নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক
author img

By

Published : May 20, 2021, 9:52 AM IST

জোনাই,২০ মে': জোনাই মহকুমাৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ সমীপৰ লক্ষীনেপালী বস্তিত বৃহস্পতিবাৰে স্থানীয় ৰাইজে নিষিদ্ধ ড্ৰাগছসহ দুজন যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । ধৃত যুৱক দুজনৰ নাম পুতুল মাহাতো আৰু ফাইজুদিন আলী ।

ৰাইজৰ অভিযোগ অনুসৰি, যুৱক দুজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আছিল । তদুপৰি ড্ৰাগছ ক্ৰয় কৰিবলৈ যুৱক দুজনৰ ঘৰলৈ প্ৰায়ে আহিছিল বহু অচিনাকি লোক ৷ দীৰ্ঘদিনৰ পৰা যুৱক দুজনৰ চলন-ফুৰণত স্থানীয় লোকে চকু ৰাখিছিল ৷ ইয়াৰ পৰিণতিতে বুধবাৰে দুয়োকে আটক কৰিবলৈ সক্ষম হয় গাঁৱবাসী ৷

জোনাইত নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক

উল্লেখযোগ্য যে, জোনাইত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা দিনক-দিনে বৃদ্ধি পাই আহিছে । নিষিদ্ধ ড্ৰাগছ সেৱন কৰি বহু যুৱকৰ জীৱন ধ্বংস হোৱাৰ লগতে ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত সুস্থ, সামাজিক তথা শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছে । মহকুমাটোৰ বিভিন্ন ঠাইত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহাই সচেতন অভিভাৱক-ৰাইজক গভীৰভাৱে চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক: বটদ্ৰৱা আৰক্ষীৰ জালত অবৈধ কয়লাভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.