ETV Bharat / state

Jonai news : মূৰ্কংচেলেক বালিকা বিদ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author img

By

Published : Aug 5, 2023, 7:55 AM IST

জোনাইৰ মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নখেশ্বৰ পাৱৰে শুকুৰবাৰে ইহলীলা সম্বৰণ কৰে ৷ ছাত্ৰী-শিক্ষক তথা গুণমুগ্ধই জনায় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷

Tribute to late teacher Nokheswar Pawar
মূৰ্কংচেলেক বালিকা বিদ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

জোনাই, 5 আগষ্ট: ধেমাজি জিলাৰ জোনাইৰ শিক্ষাৰ অন্যতম বাটকটীয়া হিচাপে পৰিচিত তথা জোনাইৰ মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নখেশ্বৰ পাৱৰৰ শুকুৰবাৰ অৰ্থাৎ 4 আগষ্টৰ দিনা পৰলোকপ্ৰাপ্তি ঘটে ৷ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন শিক্ষকগৰাকীয়ে ৷ জোনাইৰ গিনে মহমৰা গাওঁৰ নিবাসী নখেশ্বৰ পাৱই স্নাতক ডিগ্ৰী গ্ৰহণৰ পিচতে যোৰহাটৰ পৰা B.Ed ডিগ্ৰী লাভ কৰিছিল ৷

1979 চনৰ পৰা পাৱৰে শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল মুৰ্কংচেলেক মধ্য ইংৰাজী বিদ্যালয়ত আৰু 80 দশকৰ মাজভাগত মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠা হয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে 2006 চনৰ এপ্ৰিল মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে সদ্যপ্ৰয়াত নখেশ্বৰ পাৱৰে ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো প্ৰয়াত শিক্ষকজনে বিভিন্ন সামাজিক কামত নিজকে নিয়োজিত কৰিছিল ৷

প্ৰয়াত প্ৰধান শিক্ষকজনে সম্মিলিত গণশক্তি অসম দলৰ জোনাই খণ্ডশক্তি কমিটিৰ উপ সভাপতি, বাহিৰ জনাই পঞ্চায়তৰ গণশক্তি দলৰ উপদেষ্টা, জোনাই জে‌ষ্ঠ নাগৰিক সন্থাৰ সহকাৰী সম্পাদক, মূৰ্কংচেলেক মিচিং মাৰ্কেটিঙ চ’ছাইটিৰ উপ সভাপতি, মূৰ্কংচেলেক মিচিং কৃষ্টি কৌবাংৰ সক্ৰিয় সদস্য, প্ৰগতি হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি, গিনে মহমৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ ৰাইজৰ বাবে সেৱা আগবঢ়োৱা ব্যক্তিগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে জোনাইবাসী ৷

প্ৰয়াত শিক্ষকজনক শুকুৰবাৰে মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু নিজা বাসগৃহত শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে অসংখ্য গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Kedarnath landslide : কেদাৰনাথত ভূমিস্খলন; সন্ধানহীন 19 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.