ETV Bharat / state

জোনাইত পুনৰ 5 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

শুকুৰবাৰে পুনৰ জোনাইত ৰেপিড এন্টিজেন টেষ্টৰ অন্তত 5 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ আক্ৰান্ত আটাইকেইগৰাকী লোক ৰায়াং আৰ্মী কেম্পত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷

TODAY 5 NEW CORONA POSITIVE CASES FOUND IN DHEMAJI DISTRIT JONAI
জোনাইত পুনৰ 5 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি
author img

By

Published : Jul 31, 2020, 11:30 PM IST

জোনাই, 31 জুলাই : কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জোনাই প্ৰশাসনে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন টেষ্ট ৷ শুকুৰবাৰে পুনৰ জোনাইত ৰেপিড এন্টিজেন টেষ্টৰ অন্তত 5 গৰাকী লোকক কৰ'ণা ভাইৰাছ পজিটিভ বুলি ধৰা পৰে ৷

TODAY 5 NEW CORONA POSITIVE CASES FOUND IN DHEMAJI DISTRIT JONAI
জোনাইত পুনৰ 5 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

আক্ৰান্ত লোক কেইজন জোনাইৰ ৰায়াং গাঁৱৰ টুহি লাহন, ধন কোঁৱৰ, বালিজান গাঁৱৰ দিপক শইকীয়া, গোপাল নেৱাৰ আৰু গুৱাহাটীৰ খনিন্দ্ৰ কলিতা বুলি স্বাস্থ্য বিভাগে জানিব দিয়ে ৷ আনহাতে, আক্ৰান্ত আটাই কেইগৰাকী লোক ৰায়াং আৰ্মী কেম্পত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 30 জুলাইত ৰেপিড টেষ্টত 6 গৰাকী যুৱকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল ৷ 30 আৰু 31 জুলাইত জোনাই স্বাস্থ্য বিভাগে মুঠ 297 গৰাকীক ৰেপিড টেষ্টৰ অন্তত 11 জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়ে ৷

ইতিমধ্যে, ৰোগীক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু জোনাইৰ বজাৰ চেনিটাইজ কৰাৰ লগতে কিছু অংশ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক : পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.