জোনাই, ১১ জানুৱাৰী: অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী মিচিং সকলৰ ১৯৭১ চনত জন্ম লাভ কৰা একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ই সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। সংগঠনটোৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে সােণালী জয়ন্তীৰ শুভাৰম্ভণি কার্যসূচী জোনাইত ১৬ আৰু ১৭ জানুৱাৰীত জোনাই উচ্চতৰ মাধ্যমিক খেল পথাৰত আয়োজন কৰা হ'ব। ইয়াৰ পিচত বর্ষজোৰা কার্যসূচীৰে চিলাপথাৰ, গােগামুখ,ঢকুৱাখনা আৰু মাজুলীত বর্ষজুৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হ'ব।

শুভাৰম্ভণি কার্যসূচী উপলক্ষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মূল মঞ্চৰ লগতে মণ্ডপ আৰু তােৰণ আদিৰ নির্মাণকার্য তীব্র গতিত চলাই আছে সংগঠনটোৱে । এই কার্যসূচীত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল,বিত্ত মন্ত্রী হিমন্তবিশ্ব শর্মা,আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম আৰু অৰুণাচলৰ বহু বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰিব।

তদুপৰি টাকাম মিচিং পৰিণ কেবাঙৰ প্রাক্তন নেতৃবৃন্দ আৰু বিভিন্ন জনগােষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থকাৰ লগতে কার্যসূচীটো সফল কৰি তােলাত জাতি,ধর্ম,বর্ণ নির্বিশেষে ৰাইজৰ সহায়-সহযােগিতা আৰু উপস্থিতি টি এম পি কে আৰু অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে।
লগতে পঢ়ক: মুকালমুৱাৰ কাপলাবড়ীত 25 কাৰ্টন বিলাতী সুৰা জব্দ