ETV Bharat / state

ভুৱা জবকাৰ্ডৰ একাউণ্ট খুলি এনৰেগাৰ নামত ধন আত্মসাৎ - ভুৱা জবকাৰ্ড-একাউণ্ট

ভুৱা জবকাৰ্ডৰ একাউণ্ট খুলি এনৰেগাৰ নামত ধন আত্মসাৎ দুষ্ট চক্ৰৰ । ভুক্তভোগীৰ জোনাই থানাত এজাহাৰ । পৰিয়ালৰ চাৰিজন সদস্যৰ নাম অসম গ্ৰামীণ বিকাশ বেংক, জোনাই শাখাত ভুৱা একাউণ্ট খুলি তেওঁৰ অজ্ঞাতে দুষ্ট চক্ৰই বিভিন্ন মহাত্মা গান্ধী এনৰেগা আচঁনিত কাম কৰা দেখুৱাই সৰকাইছে লাখ লাখ চৰকাৰী ধন ৷

through-a-fake-job-card-account-and-embezzle-money
ভুৱা জবকাৰ্ড-একাউণ্ট খুলি এনৰেগাৰ নামত ধন আত্মসাত
author img

By

Published : Jul 15, 2021, 10:45 PM IST

জোনাই 15 জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যিমানেই শূন্য সহনশীলতাৰ কথা নকওক কিয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈ আহিছে সৰু-বৰ কেলেংকাৰী ৷ ৰাজ্যত পুনৰ পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য ৷ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্যালয়ৰ জোনাই লুহিজান গাঁও পঞ্চায়তত দুষ্ট চক্ৰই ভুৱা জবকাৰ্ড আৰু একাউণ্ট খুলি মহাত্মা গান্ধী এনৰেগা আঁচনিৰ নামত দীৰ্ঘ বছৰ ধৰি ধন আত্মসাৎ কৰা অভিযোগ উঠিছে ।

এই সন্দৰ্ভত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি জোনাই মহকুমাৰ তৎপৰতাত ভুক্তভোগীয়ে জোনাই থানাত এজাহাৰ দাখিল কৰে । অভিযোগ কৰামতে বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধি, বেংক বিষয়া আৰু দুষ্ট চক্ৰই মিলি ভুৱা জবকাৰ্ড আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰি আহিছে । বিশেষকৈ বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ এক নং ৰতনপুৰ পাদী গাঁৱৰ নিবাসী দেৱৰাম পামে অভিযোগ কৰামতে তেওঁলোকৰ নাম ভুৱা জবকাৰ্ড আৰু ভুৱা বেংক একাউণ্ট খুলি দুষ্ট চক্ৰই হাজাৰ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ।

through a fake job card account and embezzle money
ভুৱা জবকাৰ্ড-একাউণ্ট খুলি এনৰেগাৰ নামত ধন আত্মসাত

দেৱৰাম পামেয়ে জোনাই থানাত দাখিল কৰা এজাহাৰ মতে, তেওঁৰ লগতে পৰিয়ালৰ চাৰিজন সদস্যৰ নাম অসম গ্ৰামীণ বিকাশ বেংক, জোনাই শাখাত ভুৱা একাউণ্ট খুলি তেওঁৰ অজ্ঞাতে দুষ্ট চক্ৰই বিভিন্ন মহাত্মা গান্ধী এনৰেগা আচঁনিত কাম কৰা দেখুৱাই সৰকাইছে লাখ লাখ চৰকাৰী ধন ৷

তদুপৰি দেৱৰাম পামেয়ে মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব, পঞ্চায়ত প্ৰতিনিধিৰ লগত অসাধু চক্ৰই বেংকৰ কৰ্মচাৰীৰ সৈতে বুজাবুজি কৰি ভুৱা একাউণ্ট খুলি লাখ লাখ চৰকাৰী টকা লুণ্ঠন চলোৱাৰ অভিযোগ তুলিছে ৷ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । দুষ্ট চক্ৰই মহাত্মা গান্ধী এনৰেগা আচঁনিৰ নামত ধন আত্মসাৎ কৰা ঘটনা পোহৰ লৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ফলত ভুৱা জবকাৰ্ড আৰু ভুৱা বেংক একাউণ্ট খুলি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক:অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.