ETV Bharat / state

জোনাইত বানৰ পিচতে এনকেফেলাইটিছৰ সন্ত্ৰাস - জাপানীজ

জোনাইত বানৰ সমান্তৰাল কৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ সন্ত্ৰাস। এই পৰ্যন্ত 13 আক্ৰান্ত হৈছে আৰু ৩ জনৰ মৃত্যু ।

জোনাইত বানৰ লগতে এনকেফেলাইটিছৰ সন্ত্ৰাস
author img

By

Published : Jul 30, 2019, 10:26 PM IST

Updated : Jul 30, 2019, 10:57 PM IST

জোনাই, 30 জুলাই : ৰাজ্যত বানৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগে একেলগে সৃষ্টি কৰিছে আতংকৰ ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজীৰ জোনাই মহকুমাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ প্ৰাৰ্দুভাৱে সন্ত্ৰাস সৃষ্টি কৰিছে | মহকুমাটোত এই ৰোগত আক্ৰান্ত ১৩ গৰাকী লোক চিনাক্ত হৈছে আৰু ইতিমধ্যে মৃত্যু মুখত পৰিছে তিনিজন ৰোগী ৷ মৃত্যু হোৱা তিনি গৰাকী ৰোগী হৈছে নেপালী বস্তিৰ অপৰূপা দাস,তেলাম জাঁজীৰ হৰেন পেগু আৰু জোনাই উদয়পুৰৰ খাফিয়া খাতুন ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত হোৱা 7 গৰাকী এনকেফেলাইটিছ ৰোগী ৷ জোনাই মহকুমাৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া চিকিৎসক কিশোৰ কুমাৰ কামানে মঙলবাৰে জনাই যে মহকুমাটোৰ ৬৫৭ খন গাঁৱৰ ক্ৰমে ৰামধন,জোনাই উদয়পুৰ,লক্ষী নেপালী বস্তি,ছিগা বদতি,জাঁজী,আমলখি পাইত,ডেকাপাম শান্তিপুৰ,মিছামৰা, গালী মিগাং,চন্দ্ৰপুৰ এই মুঠ দহখন গাঁৱত প্ৰধানকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰভাৱ থকা এলেকা হিচাপে চিহ্নিত কৰা হৈছে |

Intro:Body:জোনাইত বানৰ সামান্তৰাল কৈ জাপানীজ এনকেফেলাইটিছ ৰোগ সন্ত্ৰাস ।

এই পৰ্যন্ত আক্ৰান্ত ১৩ জন তিনিজন মৃত্যু ।

জোনাই ৩০ জুলাই

ৰাজ্যত বানৰ লগতে জাপানীজ এনকেফেলাইটিচ বেমাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তেই বিভিন্ন অঞ্চলৰ লগতে জোনাই মহকুমাত জাপানীজ জ এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ প্ৰাৰ্দুভাৱে সন্ত্ৰাস সৃষ্টি কৰিছে | যত বানত বিধস্ত স্বাস্থ্য বিভাগেৰ চকুৱে জ্বলা কলা দেখিছে । মহকুমাটোত এই ৰোগত আক্ৰান্ত ১৩ গৰাকী লোক চিনাক্ত হৈছে আৰু ইয়াৰে জোনাই নেপালী বস্তিৰ অপৰূপা দাস (২৯), তেলাম জাঁজীৰ হৰেন পেগু(৯), জোনাই উদয়পুৰৰ খাফিয়া খাতুন(৬৫) নামৰ তিনিজন ৰোগী মৃত্যুৰ মুখত পৰিছে | ইপিনে জোনাই মহকুমাত জাপানিজ এনকেফেলাইটিছ ৰোগত তিনিগৰাকী আৰু জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত ৭ গৰাকী আক্ৰান্ত হৈ আছে বুলি তথ্য পোৱা গৈছে | ইয়াৰে  চন্দ্ৰপুৰ গাঁৱৰ মেতম দলে (৪), ডেকা শান্তিপুৰ গাৱঁৰ শোদ্ৰ বসুমতাৰী (৮), আৰু মিছামৰা গাঁৱৰ মিগ্ম দলে(৯)  জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে   | আনহাতে মহকুমাটোৰ ৰামধন গাঁৱৰ জয় জিমে (৬), ছিগা বদতি গাঁৱৰ পবিত্ৰ পেগু (৩), চন্দ্ৰপুৰ গাঁৱৰ মনোৰমা দলে (৯) , গালী মিগাং গাঁৱৰ ৰাজেশ পাংগিং (১১), আমলখি পাইত গাঁৱৰ অভিৰণ পাইত(৬৫), সোনাপুৰ পাইত(১১), আৰু উদয়পুৰ গাঁৱৰ ধন প্ৰদান(২৪) জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে |জোনাই মহকুমাৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া চিকিৎসক কিশোৰ কুমাৰ কামানে আজি জানিবলৈ দিয়া মতে মহকুমাটোৰ ৬৫৭ খন গাঁৱৰ ক্ৰমে ৰামধন, জোনাই উদয়পুৰ, লক্ষী নেপালী বস্তি, ছিগা বদতি, জাঁজী, আমলখি পাইত, ডেকাপাম শান্তিপুৰ, মিছামৰা, গালী মিগাং, চন্দ্ৰপুৰ এই দহখন গাঁৱত প্ৰধানকৈ জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ প্ৰাদূৰ্ভাৱ এলেকা হিচাপে চিহ্নিত কৰা হৈছে | মহকুমা স্বাস্থ্য বিভাগে জনোৱা মতে ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা বৰ্ত্তমানলৈকে ২৯২ এলেকাত স্বাস্থ্য শিবিৰ পাতি ১২৯৯৪ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি তেজ পৰীক্ষা কৰাৰ লগতে উক্ত ৰোগৰ প্ৰাদূৰ্ভাৱ থকা দহখন গাঁৱৰ ৫ কিলোমিটাৰ এলেকাৰ ভিতৰত ৪৮ গাঁৱত ৪৮,৬৬০ জনসংখ্যা সামৰি মালাথিন ধোঁৱা দিয়া হৈছে|  লগতে ২০৪৫ খন কীটনাশক দ্ৰব লগোৱা আঠুৱা জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ প্ৰাদূৰ্ভাৱ এলেকা বোৰত বিলোৱাৰ ব্যৱস্থা কৰিছে|

কৰবী দলে জোনাই
Conclusion:
Last Updated : Jul 30, 2019, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.