ETV Bharat / state

মানসিক ৰোগাক্ৰান্ত পিতৃৰ দুভৰি শিকলিৰে বান্ধিলে পুত্ৰই - Dhemaji Old Man Tied with Iron Chain

এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক ৷ ধেমাজিৰ ৰাজপথত স্থানীয় ৰাইজ আৰু সাংবাদিকে প্ৰত্যক্ষ কৰে লোকজনক ৷ দুভৰি শিকলিৰে বন্ধা লোকজন থানেশ্বৰ দিহিঙীয়া বুলি চিনাক্ত ৷ মানসিকভাৱে ৰোগাক্ৰান্ত লোকজনক শান্ত কৰি ৰাখিবলৈ পুত্ৰই নিজে বাচি ল'লে এই সিদ্ধান্ত ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

মানসিক ৰোগাক্ৰান্ত পিতৃৰ দুভৰি শিকলিৰে বান্ধিলে পুত্ৰই
author img

By

Published : Aug 26, 2019, 11:54 PM IST

ধেমাজি, 26 আগষ্টঃ ধেমাজিৰ ৰাজপথত দুভৰি শিকলিৰে বন্ধা অৱস্থাত পৰিলক্ষিত হয় এজন বৃদ্ধ ৷ লোকজনক ধেমাজি তিনিআলিৰ পৰা স্থানীয় ৰাইজ আৰু সাংবাদিকৰ দলে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলাগুৰি গাঁৱৰ বাসিন্দা এইগৰাকী থানেশ্বৰ দিহিঙীয়া বিগত 18 বছৰে মানসিকভাৱে বিকাৰগ্ৰস্ত ৷ পিতৃৰ উন্মাদ আচৰণৰ পৰা বাচিবলৈ এইদৰে নিজ পুত্ৰই দুভৰি শিকলিৰে বান্ধি থৈ দিয়াৰ কথা স্বীকাৰ কৰে ৷ অৱশেষত আৰক্ষীৰ সহযোগত লোকজনক উদ্ধাৰ কৰা হয় ৷

Intro:ধেমাজিৰ ৰাজপথত দুই ভৰিত শিকলিৰে বন্ধা অৱস্থাত এজন বৃদ্ধ ।সাংবাদিকৰ তৎপৰতাত আৰক্ষীয়ে লৈ গল বৃদ্ধজনক । কোনে কিয় বান্ধিলে । চাওক আমাৰ এই প্ৰতিবেদন

Body:ধেমাজিৰ ৰাজপথত দুই ভৰিত শিকলিৰে বন্ধা অৱস্থাত এজন বৃদ্ধ ।সাংবাদিকৰ তৎপৰতাত আৰক্ষীয়ে লৈ গল বৃদ্ধজনক । কোনে কিয় বান্ধিলে চাওক এই প্ৰতিবেদন ধেমাজি ,, 26 আগষ্ট : ধেমাজিৰ ৰাজপথত দুই ভৰিত শিকলিৰে বন্ধা অৱস্থাত এজন বৃদ্ধ । এটা প্ৰকাণ্ড তলা লোকজনৰ ভৰিত । প্ৰখৰ ৰদত আহি জিৰণি লোৱাৰ সময়ত সকলোৱে দৃষ্টি এই লোকজনৰ ওপৰত । পশুতুল্য অমানুষিক শাস্তি । কেৱল ইমানেই নহয় লোকজনৰ দেহত আঘাতৰ চিনো স্পষ্ট । এই দৃশ্য ধেমাজি তিনিআলিৰ সোমবাৰৰ । জানিব পৰা মতে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলাগুৰি গাৱৰ বাসিন্দা এইজন লোকৰ নাম থানেশ্বৰ দিহিঙীয়া । লোকজনে জনোৱা মতে সৰু পুত্ৰ ই তেওঁক এনেদৰে বান্ধি ৰাখিছে । শিকলিৰে বন্ধা পিছত গাৱৰ ৰাইজে তেওঁক মাৰপিট কৰা বুলি অৱগত কৰে । অৱশেষত সাংবাদিকৰ তৎপৰতাত আৰক্ষীয়ে আহি থানালৈ লৈ যায় বৃদ্ধজনক । byte...old man আনহাতে ,, বৃদ্ধগৰাকীৰ পুত্ৰ ই ধেমাজি প্ৰেছ ক্লাৱত উপস্থিত হৈ পিতৃৰ ভৰিত নিজে গাৱৰ ৰাইজৰ সহযোগত শিকলি বান্ধি ৰখাৰ বিষয়টো স্বীকাৰ কৰে । পুত্ৰৰ ভাষ্য মতে সুদীৰ্ঘ ১৮ বছৰধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আহিছে পিতৃ ।বহু চিকিৎসা কৰিও পোৱা নাই সুফল ।সেয়ে মানসিক বিকাৰগ্ৰস্ত পিতৃক উন্মাদ আচৰণৰ পৰা বিৰত ৰখাৰ উদ্দেশ্য এই ব্যৱস্থা কৰিছে । byte...son

Conclusion:কিন্তু এতিয়া প্ৰশ্ন হয় , ৰাজ্যত মানসিক ৰোগৰ চিকিৎসালয় থকা পিছতো কিয় এজন মানসিক ৰোগীক উন্মাদ আচৰণৰ পৰা আতৰত ৰাখিবৰ বাবে নিজ পুত্ৰ ই বাছি ললে এনে জঘন্য নিকৃষ্ট অমানবীয় পন্থা । এনে কাৰ্যত স্থানীয় ৰাইজৰ ভূমিকাও কিন্তু লজ্জাজনক । Pradunya Bharali , Dhemaji, Assam, 26/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.